ETV Bharat / state

প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ সদস্য এতিয়া উদ্যোগী - অসীম ফাউণ্ডেচন

ভাৰতীয় সেনাৰ অপাৰেচন সদ্ভাৱনাৰ অধীনত পুনেৰ অসীম ফাউণ্ডেচনৰ সহযোগিতাত জৈৱিক পদ্ধতিৰে তামোলৰ ঢকুৱাৰে থালী,কাঁহী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ সমাপ্ত কৰি নিৰ্মাণত ব্যস্ত একাংশ প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ সদস্য ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰ এই প্ৰদূষণমুক্ত থালী বা কাঁহী খাদ্য পৰিৱেশনৰ বাবে উপযোগী ৷

Ex extremist member self reliance training by Indian Army Tezpur assam etv bharat news
প্ৰাক্তন উগ্ৰপন্থী সদস্যক স্বাৱলম্বিতাৰ প্ৰশিক্ষণ ভাৰতীয় সেনাৰ
author img

By

Published : Sep 3, 2020, 7:01 PM IST

তেজপুৰ,3 চেপ্তেম্বৰ: পূৰ্বৰ একাংশ উগ্ৰপন্থী সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰি বৰ্তমান ঘূৰি আহিছে মূলসূঁতিলৈ ৷ বিশেষকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী তামুলপুৰৰ একাংশ এনে যুৱক বৰ্তমান ব্যস্ত স্বাৱলম্বী হোৱাৰ আখৰাত ৷ যুৱক কেইগৰাকীয়ে সম্প্ৰতি ভাৰতীয় সেনাৰ অপাৰেচন সদ্ভাৱনাৰ অধীনত পুনেৰ অসীম ফাউণ্ডেচনৰ সহযোগিতাত জৈৱিক পদ্ধতিৰে তামোলৰ ঢকুৱাৰে থালী, কাঁহী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ সমাপ্ত কৰি ব্যস্ত হৈ পৰিছে নিৰ্মাণ কাৰ্যত ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰ এই প্ৰদূষণমুক্ত থালী বা কাঁহী খাদ্য পৰিৱেশনৰ বাবে উপযোগী ৷

Ex extremist member self reliance training by Indian Army Tezpur assam etv bharat news
প্ৰদূষণমুক্ত থালী তৈয়াৰ

এই আঁচনিৰ লক্ষ্য-উদ্দেশ্য হৈছে আৰ্থিক দিশ টনকিয়াল কৰি আত্মনির্ভৰশীল হোৱা ৷ এই অভিযানৰ অংশ হ’বলৈ পাই সাগৰ আৰু ৰোহণ ছেত্ৰী নামৰ দুগৰাকী যুৱক সম্প্ৰতি সুখী বুলি ব্যক্ত কৰে তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই ৷ লগতে পূৰ্বতে উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থকাৰ বাবে অনুতপ্ত বুলিও প্ৰকাশ কৰে যুৱক দুগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত এই উদ্যোগৰ পৰিসৰ বৃদ্ধি কৰিবলৈ অতিৰিক্তভাৱে যন্ত্ৰৰো যোগান ধৰিব অসীম ফাউণ্ডেচনে ৷ তদুপৰি নিজৰ ব্যৱসায় মহাৰাষ্ট্ৰ আৰু অসমত প্ৰসাৰ কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিব কোম্পানীটোৱে ৷

প্ৰাক্তন উগ্ৰপন্থী সদস্যক স্বাৱলম্বিতাৰ প্ৰশিক্ষণ ভাৰতীয় সেনাৰ

লগতে চাওকঃ উত্তৰ গুৱাহাটীত জব্দ 10 লাখ টকা মূল্যৰ বিদেশী চিগাৰেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.