ETV Bharat / state

ভাৰত-তিব্বত সীমান্তত কটকটীয়া নিৰাপত্তা বাহাল ৰাখিছে আই টি বি পিয়ে - সেনা মোতায়েন

আই টি বি পিৰ তেজপুৰৰ ফ্ৰণ্টিয়াৰ উপ মহাপৰিদৰ্শক জি চি পুৰোহিত আৰু তেজপুৰৰ 55 নং বাহিনীৰ কোম্পানী কামাণ্ডেণ্ট আই বি ঝাৰ সৈতে ই টিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷

আই টি বি পিৰ কৰ্মকৰ্তাৰ ই টিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰ

author img

By

Published : Jul 8, 2020, 7:42 PM IST

তেজপুৰ, 8 জুলাই : ভাৰত-তিব্বত সীমান্ত আৰক্ষী চমুকৈ আই টি বি পিৰ তেজপুৰৰ ফ্ৰণ্টিয়াৰ উপ মহাপৰিদৰ্শক জি চি পুৰোহিত আৰু তেজপুৰৰ 55 নং বাহিনীৰ কোম্পানী কামাণ্ডেণ্ট (চি অ’) আই বি ঝাৰ সৈতে বুধবাৰে ই টিভি ভাৰতে সম্পন্ন কৰে এক আছুতীয়া সাক্ষাৎকাৰ ৷

এই সাক্ষাৎকাৰত উপ মহাপৰিদৰ্শক আৰু কোম্পানী পৰিচালকগৰাকীয়ে সীমান্তৱৰ্তী এলেকাত হোৱা শেহতীয়া পৰিস্থিতি, কৰ’ণা মহামাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা সজাগতাৰ লগতে সেনা মোতায়েন সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷ সাক্ষাৎকাৰযোগে তেওঁলোকে কয় যে, সীমান্তৱৰ্তী এলেকাত সেনা বাহিনীৰ মোতায়েন সম্পূৰ্ণৰূপে বাহাল আছে । ভাৰত-তিব্বতৰ সীমান্ত অৰুণাচল প্ৰদেশৰ টাৱাঙৰ লুমলা এলেকাৰ জেমিথাঙৰ সীমা সম্পূৰ্ণৰূপে কটকটীয়া হৈ আছে আৰু সীমান্ত এলেকাত সেনা বাহিনীৰ ফালৰ পৰা সামাজিক কাম-কাজ অব্যাহত আছে ।

উপ মহাপৰিদৰ্শক পুৰোহিতে সদৰি কৰা মতে, মহামাৰী কৰ'ণাৰ সময়তো ভাৰত চৰকাৰৰ সম্পূৰ্ণ নীতি-নিয়ম অনুসৰি সেনা বাহিনীৰ জোৱানসকলক ছুটীৰ পৰা অহাৰ পিছত তেওঁলোকক সুকীয়াকৈ ৰাখিবলৈ আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে ৷ তেওঁলোকে কৰ’ণাক লৈ জিলা প্ৰশাসনে বান্ধি দিয়া নিয়ম পালন কৰিছে ।

লগতে তেওঁ কয় যে, সীমান্তৰ কিছুমান দুৰ্গম পথ পূৰ্বতকৈ বহু পৰিমাণে উন্নত হৈ উঠিছে । অৱশ্যে মহাপৰিদৰ্শকগৰাকীয়ে ভাৰত-তিব্বত সীমান্তত কিমান পৰিমাণৰ সেনা বাহিনীৰ মোতায়েন কৰা হৈছে তাৰ সঠিক তথ্য প্ৰকাশ কৰা নাই ।

আই টি বি পিৰ কৰ্মকৰ্তাৰ ই টিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰ

আনহাতে, তেজপুৰৰ 55 নং বাহিনীৰ কোম্পানী কামাণ্ডেণ্ট আই বি ঝায়ে জনোৱা মতে, 55 নং বাহিনীৰ মুখ্য কাৰ্যালয়ত সীমান্তলৈ যোৱা সেনা বাহিনীৰ প্ৰত্যেকগৰাকী সেনাৰে সুকীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সেইবাবে আই টি বি পিৰ এই কোম্পানীটোত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বহুখিনি কম হোৱা বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক : প্ৰশাসনৰ নিৰ্দেশক অমান্য চৰকাৰী বিষয়ববীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.