ETV Bharat / state

Elephant viral video: তেজপুৰত গজৰাজে ল’লে পানীপুৰিৰ সোৱাদ

এইবাৰ পদপথত পানীপুৰিৰ সোৱাদ ল’লে গজৰাজে ৷ মাউতৰ সৈতে আহি তেজপুৰৰ পদপথত গজৰাজে ল’লে পানীপুৰিৰ সোৱাদ (Elephant eating Puchka at Tezpur)৷

Elephant viral video
তেজপুৰত গজৰাজে ল’লে পানীপুৰিৰ সোৱাদ
author img

By

Published : Oct 11, 2022, 6:59 PM IST

তেজপুৰ, ১১ অক্টোবৰ : পদপথৰ পানীপুৰি ৷ পানীপুৰি বুলি ক’লেই সকলোৰে মুখলৈ আহে পানী ৷ বিশেষকৈ যুৱতীসকলৰ ৷ পানীপুৰি সোৱাদ পালে যুৱতীসকলক আৰু কি লাগে ৷ পিছে ৰ’ৱ, আমি যুৱতীসকলৰ পচন্দৰ পানীপুৰিৰ কথা ক’বলৈ যোৱা নাই ৷

মানুহৰ বাদেও জীৱ-জন্তুৰো প্ৰিয় এবিধ মুখৰোচক খাদ্য হিচাবে বিবেচিত হৈছে পানীপুৰি ৷ কিয়নো শেহতীয়াকৈ তেজপুৰৰ পদপথৰ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত (Elephant viral video) ৷ এইবাৰ যুৱতী নহয়, তেজপুৰৰ পদপথত গজৰাজৰে লৈছে পানীপুৰিৰ সোৱাদ (Elephant eating pani puri in Tezpur)৷

মানুহৰ দৰেই গজৰাজেও এটা এটাকৈ লৈছে খাইছে পানীপুৰি ৷

আনকি পানীপুৰিৰ দোকানীও ব্যস্ত গ্ৰাহক ৰূপী গজৰাজক পানীপুৰি বনাই দিয়াত (Elephant eating Puchka at Tezpur) ৷ এই সমগ্ৰ দৃশ্যাংশ আৱদ্ধ হৈ ৰৈছে প্ৰত্যক্ষদৰ্শীৰ ম’বাইল কেমেৰাত ৷ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’ ৷ আনকি গজৰাজে পানীপুৰিৰ সোৱাদ লোৱাৰ এই দৃশ্যক বহু লোকে সমাদৰো লাভ কৰিছে ৷

তেজপুৰত গজৰাজে ল’লে পানীপুৰিৰ সোৱাদ

লগতে পঢ়ক : ফুটবল খেলাত মগ্ন এটি কণমানি হাতী পোৱালি

ইফালে কিছু দিন পূৰ্বে নাৰেংগীত সেনাৰ সৈতে ফুটবল খেলাত ব্যস্ত হৈ পৰিছিল এটা বন্যহস্তীয়ে (Wild elephant played football) ৷ জানিব পৰা মতে, উক্ত দিনা মহানগৰীৰ নাৰেংগীৰ সেনা ছাউনীত বন্যহস্তীৰ মুক্ত বিচৰণ কৰিছিল (Free movement of wild elephants in army camp) ।

সেনা ছাউনীৰ খেল পথাৰত প্ৰৱেশ কৰিয়ে ফুটবল খেলাত লাগিল এটা বন্যহস্তীয়ে । সেনা জোৱানৰ খেল চলি থকা সময়তে হঠাৎ গজৰাজৰ প্ৰৱেশ ঘটিল খেল পথাৰত । গজৰাজৰ আকস্মিক আগমনত আতংকিত হৈ পৰে খেলুৱৈসকল । আধাতে খেল সমাপ্ত কৰি পলায়ন কৰে খেলুৱৈসকলে ।

পিছে তেনে সময়ত তাণ্ডৱ নহয়, সেনা জোৱানসকলে খেলি থকা ফুবলটোৰে খেলাত লাগিল গজৰাজ । বন্যহস্তীয়ে ফুটবল খেলা এই বিৰল দৃশ্য বন্দী হৈ ৰ’ল কেমেৰাত । গজৰাজৰ ফুটবল খেলাৰ দৃশ্যও ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত ৷

লগতে পঢ়ক : এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত খেলপথাৰত গজৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.