তেজপুৰ, ১৯ মাৰ্চ : ৭২ নং ঢেকীয়াজুলি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বেণুধৰ নাথে আৰম্ভ কৰি ব্যাপক প্ৰচাৰ অভিযান ৷ গাঁৱে ভূঞে প্ৰচাৰ চলাই ৰাইজৰ কাষ চপাৰ প্ৰয়াস কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ৷
প্ৰচাৰ কালত প্ৰাৰ্থী গৰাকীয়ে সাংবাদিকক সম্বোধন কৰি কয়, সমষ্টিটোত বিজেপিৰ ভেটি খহনীয়া আৰম্ভ হৈছে ৷ সমষ্টিৰ ৰাইজে বৰ্তমানৰ বিধায়কৰ প্ৰতি মোহ ভংগ হৈ কংগ্ৰেছৰ প্ৰতি ধাৱমান হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ৷
"সমষ্টিটোৰ বিধায়ক গৰাকীয়ে একমাত্ৰ বহিৰাগত জৰিয়তে ব্যৱসায়িক ভিত্তিত কাম কৰিলে ৷ চৰকাৰী সা-সুবিধাৰ পৰা স্থানীয় লোক বঞ্চিত হয় ৷ সেয়েহে সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত ৷" কংগ্ৰেছৰ প্ৰাৰ্থী বেণুধৰ নাথে এইদৰে কয় ৷
লগতে পঢ়ক: এতিয়াও কা' সন্দৰ্ভত স্থিতি স্পষ্ট নহয় ৰাজনৈতিক নেতা কৰ্মীৰ