ETV Bharat / state

Rape case in Tezpur: বৃদ্ধ নামঘৰীয়াৰ কামনাৰ বলি হৈ অন্তঃসত্বা ১৬ বছৰীয়া কিশোৰী

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 7:31 PM IST

তেজপুৰত সভ্য সমাজক লজ্জানত কৰা ঘটনা । বৃদ্ধ নামঘৰীয়াৰ বিৰুদ্ধে ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ । তেজপুৰ পিঠাখোৱাত সংঘটিত হৈছে এই লাজলগা ঘটনা । ক্ষোভিত ৰাইজে বৃদ্ধ নামঘৰীয়াক শোধালে উত্তম-মাধ্যম ।

Elderly man accused of raping minor girl in Tezpur
বৃদ্ধ নামঘৰীয়াৰ কামনাৰ বলি ১৬ বছৰীয়া কিশোৰী

তেজপুৰ,২৩ ছেপ্টেম্বৰ: বৰ্তমান সময়ত নাৰী সুৰক্ষাৰ দিশটো আটাইতকৈ অৱহেলিত বুলি প্ৰায়েই প্ৰমাণিত হৈ আহিছে ৷ এইবাৰ তেজপুৰত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ।

বৃদ্ধ নামঘৰীয়াৰ বিৰুদ্ধে ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ । তেজপুৰ পিঠাখোৱাত সংঘটিত হৈছে এই লাজলগা ঘটনা । পিঠাখোৱাৰ কেশৱ নাথ নামঘৰীয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এগৰাকী ১৬ বছৰীয়া কিশোৰী ধৰ্ষণৰ অভিযোগ । কিশোৰীগৰাকীয়ে নিজেই পৰিয়ালক এই বিষয়ে জনোৱাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । নামঘৰত ডবা কোবোৱা নামঘৰীয়াৰ পিঠিত ডবা বজালে ৰাইজে ।

পৰিয়ালৰ লোকে চিকিৎসালয়ত উপস্থিত হৈ ঘটনা সন্দৰ্ভত ৰাইজ আৰু আৰক্ষীক অৱগত কৰে । অভিযোগ অনুসৰি কেশৱ নাথ ওৰফে বুবুল নামৰ লোকজনে নানা প্ৰলোভন দি এগৰাকী ১৬ বছৰীয়া কিশোৰীক কেইবাদিনো ধৰি নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি ধৰ্ষণ কৰি আহিছিল । প্ৰথমাৱস্থাত এই কথা কোনোৱে গম পোৱা নাছিল যদিও অৱশেষত বুবুলৰ এই কু-কাণ্ডৰ কথা শনিবাৰে পোহৰলৈ আহে । কিশোৰীগৰাকী আজি অন্তঃসত্বা হোৱা বুলি চিকিৎসকে নিশ্চিত কৰাৰ পিছতে হাহাকাৰ লাগে গাঁওখনত ।

লগতে পঢ়ক: Akhil Gogoi: বিৰোধিতা নকৰিলেও সমৰ্থনো কৰিব নোৱাৰি মহিলা সংৰক্ষণ আইনক; কিয় ক’লে অখিল গগৈয়ে

লগে লগে বুবুল নামৰ নামঘৰীয়াজনক ৰাইজে ধৰি আনি কাণত ধৰাই আঠু কঢ়াই উত্তম-মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে । ৭৫ বছৰীয়া বৃদ্ধৰ এনে কাৰ্যই লজ্জানত কৰিছে সভ্য । অৱশ্যে ডি এন পৰীক্ষাৰ পিছতহে ইয়াৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব । ইতিমধ্যে পৰিয়ালৰ লোকে এই বৃদ্ধগৰাকীৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষীৰ ওচৰত দাখিল কৰে এখন এজাহাৰ ।

লগতে পঢ়ক: Poshan maah:ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনী মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.