ETV Bharat / state

ঢেকিয়াজুলীত দৰিদ্ৰ লোকৰ বাবে 'কমিউনিটি কিটচেন' - বিধায়ক অশোক সিংঘল

ঢেকিয়াজুলীত দৰিদ্ৰ লোকৰ বাবে 'কমিউনিটি কিটচেন'ৰ ব্যৱস্থা কৰিছে স্থানীয় সংগঠন আৰু বিধায়ক অশোক সিংঘালে ৷ 28 মাৰ্চৰ পৰা আৰম্ভ কৰা এই ব্যৱস্থাটোত প্ৰতিদিনে 300 জন লোকে নিয়মীয়াকৈ অন্ন গ্ৰহণ কৰি আছে ৷ ঢেকিয়াজুলী ব্যৱসায়ী সন্থা, হোপ এন.জি.অ',কালিবাৰী ব্যবসায়ী সমিতিৰ প্ৰত্যক্ষ সহযোগত স্থানীয় বিধায়ক অশোক সিংঘলে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

ঢেকিয়াজুলীত দৰিদ্ৰৰ বাবে 'কমিউনিটি কিটচেন'

author img

By

Published : Apr 23, 2020, 8:49 PM IST

গুৱাহাটী,23 এপ্ৰিল : লক ডাউনৰ সময়ছোৱাত এক 'কমিউনিটি কিটচেন' অৰ্থাৎ সামূহিক পাকঘৰৰ যোগেদি উপাৰ্জনহীন দৰিদ্ৰজনলৈ ভোকৰ ভাত আগবঢ়াইছে ঢেকিয়াজুলীৰ কেইটামান নাগৰিক সংগঠন আৰু স্থানীয় বিধায়ক অশোক সিংঘালে। শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলী নগৰত আয়োজিত এই ব্যৱস্থাৰ দ্বাৰা প্ৰতিদিনে 300 জন লোকে 28 মাৰ্চৰ পৰা নিয়মীয়াকৈ অন্ন গ্ৰহণ কৰি আছে । এই অগতানুগতিক আয়োজনত আগভাগ লোৱা ঢেকিয়াজুলী সমষ্টিৰ বিধায়ক অশোক সিংঘালে সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে ৷

ঢেকিয়াজুলীত দৰিদ্ৰ লোকৰ বাবে 'কমিউনিটি কিটচেন'

ৰাজ্যত প্ৰথমবাৰৰ বাবে স্থানীয় সংগঠন ক্ৰমে ঢেকিয়াজুলী ব্যৱসায়ী সন্থা,হোপ এন.জি.অ',কালিবাৰী ব্যৱসায়ী সমিতিৰ প্ৰত্যক্ষ সহযোগত স্থানীয় বিধায়ক অশোক সিংঘলে উপাৰ্জনহীন অসহায় লোকসকলৰ মাজত অব্যাহত ৰাখিছে এই আয়োজনৰ ৷

জৰুৰীকালীন পৰিস্থিতিত যিহেতু প্ৰত্যেকৰে ঘৰে ঘৰে গৈ খোৱাৰ যোগান ধৰাটো সম্ভৱ নহয়,সেয়েহে কমিউনিটি কিটচেনৰ ধাৰণাটো আৰম্ভ কৰা হয় । বিধায়ক অশোক সিংঘালৰ মতে, প্ৰতিটো পৰ্যায়ৰ লোকে এই ব্যৱস্থাটোক আঁকোৱালি লৈ সাধ্য অনুসৰি সহযোগিতা আগবঢ়াইছে ।

লগতে পঢ়ক : শিৱসাগৰৰ দন্ত চিকিৎসকে কোনো ৰোগীক চিকিৎসা নকৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.