ETV Bharat / state

Defence Minister in Tezpur : তেজপুৰত সেনাৰ মাজত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং - ৰাজনাথ সিং

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সোমবাৰে তেজপুৰ বায়ু সেনাৰ ঘাটিত উপস্থিত হয় ৷ সেনা বাহিনীৰ বিষয়া-জোৱান সকলৰ মাজত উপস্থিত থাকি একেলগে নিশাৰ অহাৰ গ্ৰহণ কৰে তেওঁ ৷

Defence Minister in Tezpur
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 10:54 PM IST

তেজপুৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

তেজপুৰ, 23 অক্টোবৰ : "উগ্ৰপন্থীৰ বিৰুদ্ধে সমগ্ৰ বিশ্ব এক হ’ব লাগে ৷ কিন্ত এইটোও চিন্তা কৰিব লাগে যাতে নিৰ্দোষী লোকৰ মৃত্যু নহয় ৷" ইজৰাইল-হামাছৰ সংঘাতৰ প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেজপুৰত এইদৰে মন্তব্য কৰে ৷ তেওঁ কয় যে, ভাৰতীয় সেনাৰ জয়গান বিশ্বৰ সকলোতে চৰ্চিত ৷ বৰ্তমান ভাৰতবৰ্ষৰ অৰ্থনীতি পৃথিৱীৰ পঞ্চম স্থানত আছে আৰু 2024 ৰ পৰা 2027 ৰ ভিতৰত তৃতীয় স্থান দখল কৰিব ৷ সেয়া একমাত্ৰ ভাৰতীয় সেনাৰ অদ্যম সাহস আৰু পৰাক্ৰমৰ বাবে বুলি তেজপুৰৰ সেনা শিবিৰত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য ৷

দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সোমবাৰে তেজপুৰ বায়ু সেনাৰ ঘাটিত উপস্থিত হয় ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেজপুৰৰ মেঘনা ষ্টেডিয়ামত উপস্থিত হৈ দেশৰ চতুর্থ কৰ্পছ সেনা বাহিনীৰ বিষয়া-জোৱান সকলৰ মাজত উপস্থিত থাকি একেলগে নিশাৰ অহাৰ গ্ৰহণ কৰে ৷

তেওঁ কয় যে বিজয়া দশমীৰ দিনা প্ৰতিবাৰেই তেওঁ সেনাৰ লগত কটায় ৷ তেজপুৰত উপস্থিত থাকি দেশৰ সেনাৰ বীৰত্ত্বৰ বিষয়ে দোহাৰে মন্ত্ৰীগৰাকীয়ে ৷ মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ বুমলা পাছত বিজয়া দশমী উপলক্ষে সেনাৰ লগত মত-বিনিময় কৰিব বুলি জানিব পৰা গৈছে ৷ প্ৰতিৰক্ষা মন্ত্ৰী সিঙে সোমবাৰে তেজপুৰৰ বায়ু সেনাৰ ঘাটিৰ পৰা ভাৰত-চীন সীমান্তত উত্তৰ প্ৰান্তৰ অতিকৈ স্পৰ্শকাতৰ সেনা বাহিনীৰ ঘাটি চতুৰ্থ কৰ্পছত উপস্থিত থাকি নৱৰাত্ৰিত পূজা-অৰ্চনা কৰাৰ লগতে স্থল সেনাৰ লগতে বায়ু সেনাৰ জ্যেষ্ঠ বিষয়া সকলৰ সৈতে মত বিনিময় কৰিব আৰু দশমীৰ দিনা পুৱা পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত হেলিকপ্তাৰৰ জৰিয়তে উপস্থিত হৈ সীমান্তৰ শেষ প্ৰান্তত থকা সেনাৰ মৈত্ৰী স্থল বুমলা পাছত উপস্থিত হৈ টাৱাং ৱাৰ মেমৰিয়েলত বিজয়া দশমী উদযাপন কৰিব ৷

প্ৰতিৰক্ষা মন্ত্ৰীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ কাৰণ 1962 চনৰ ভাৰত-চীন যুদ্ধৰ এইবাৰ 61 বছৰ সম্পূৰ্ণ হ’ব ৷ 1962 চনত ৰঙা চীনৰ পি এল এ সেনাই ভাৰতত প্ৰৱেশ কৰিছিল টাৱাং জিলাৰ খিনজিমণি জেমিথাং চেক্টৰৰ দিশে ৷ জানিব পৰা মতে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে সেনাৰ অস্ত্ৰত দশমী পূজাৰ অৰ্চনা কৰিব টাৱাং ৱাৰ মেমৰিয়েলত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.