ETV Bharat / state

মিছামাৰীত শক্তি বিভাগৰ ভেকোভাওনাঃ 15 দিনে অন্ধকাৰত ৰঙাপৰাবাসী

বিগত 15 দিন ধৰি সমগ্ৰ অঞ্চলটোত বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে স্থানীয় জনতা ৷ ঢিমিক-ঢামাক বিদ্যুৎ যোগানে জ্বলাকলা খুৱাইছে ৰাইজক ।

author img

By

Published : May 12, 2019, 8:05 PM IST

অন্ধকাৰত ৰঙাপৰাবাসী

ৰঙাপৰা, 12 মেঃ বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে শোণিতপুৰৰ মিছামাৰীবাসী ৰাইজ ৷ দীৰ্ঘদিন ধৰি ঢিমিক-ঢামাক বিদ্যুৎ যোগানে জ্বলাকলা খোৱাইছে ৰাইজক ৷

অন্ধকাৰত ৰঙাপৰাবাসী

উল্লেখযোগ্য যে মিছামাৰী অঞ্চলত ৬০-৭০ খন গাঁৱৰ উপৰি ভাৰতীয় সেনাৰ এটা বৃহৎ সামৰিক সামৰিক ঘাটি আছে । ৰঙাপৰা বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ এই বৃহত্তৰ মিছামাৰী অঞ্চলটোৰ সামৰিক-অসামৰিক লোকক তেজপুৰৰ ডিপুটা অঞ্চলৰ পৰা বিদ্যুত যোগান ধৰি আহিছে ৷ তেজপুৰৰ ডিপুটাৰ পৰা অঞ্চলটোৰ অসামৰিক লোকৰ বাবে পৃথকে বিদ্যুত যোগান ধৰা খুঁটা, তাঁৰ আদি বতাহ-বৰষুণত সঘনাই ব্যাহত হোৱাৰ ফলত বিদ্যুত বিভাগে সামৰিক ঘাটিলৈ যোগান ধৰা খুঁটাত তাঁৰ সংযোগ কৰি সাধাৰণ জনতাক বিদ্যুত যোগান ধৰাৰ ব্যৱস্থা কৰিছে ৷ পৰিতাপৰ বিষয় যে ইয়াৰ পাছতো অঞ্চলটোৰ ৰাইজে নিয়মীয়াকৈ বিদ্যুত লাভ কৰিবলৈ সক্ষম হোৱা নাই । বিয়াগোম বিভাগটোৱে বৃহত্তৰ অঞ্চলটোত বিদ্যুত সেৱা চোৱাচিতাৰ বাবে কেৱল মাত্ৰ এজনেই কৰ্মচাৰী নিয়োগ কৰি ৰাখিছে । এগৰাকী কৰ্মচাৰীয়েই সামৰিক-অসামৰিক সকলো দিশ চাবলগীয়া হয় । যোৱা এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহ মানৰ পৰাই বৃহত্তৰ অঞ্চলটোত বিদ্যুৎ সেৱা অনিয়মীয়া হৈ থকাৰ ফলত কল-কাৰখানা, ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়াশুনা আদিৰ উপৰি সংবাদ কৰ্মী সকলে বাতৰি পৰিবেশন কৰাত ব্যাপক ব্যাঘাতৰ সৃষ্টি হৈছে ৷

Intro:মিছামাৰীত বিদ্যুতৰ ভেকোভাওনাঃ
ঢিমিক-ঢামাক বিদ্যুৎ যোগানে জ্বলাকলা খোৱাইছে ৰাইজক।Body:ৰঙাপৰাঃ বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে শোণিতপুৰৰ মিছামাৰীবাসী ৰাইজ। দীৰ্ঘদিনৰ পৰা মিছামাৰী অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ অহাত গ্ৰাহক ৰাইজ অতিষ্ঠ হৈ পৰিছে। উল্লেখযোগ্য যে মিছামাৰী অঞ্চলত ৬০-৭০ খন গাঁৱৰ উপৰি ভাৰতীয় সেনাৰ এখন বৃহৎ সামৰিক সামৰিক ঘাটি আছে। ৰঙাপৰা বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ এই বৃহত্তৰ মিছামাৰী অঞ্চলটোৰ সামৰিক-অসামৰিক লোকক তেজপুৰৰ ডিপুটা অঞ্চলৰ পৰা বিদ্যুত যোগান ধৰি আহিছে। তেজপুৰৰ ডিপুটাৰ পৰা অঞ্চলটোৰ অসামৰিক লোকৰ বাবে পৃথকে বিদ্যুত যোগান ধৰা খুঁটা, তাঁৰ আদি বতাহ-বৰষুণত সঘনাই ব্যাহত হোৱাৰ ফলত বিদ্যুত বিভাগে সামৰিক ঘাটিলৈ যোগান ধৰা খুঁটাত তাঁৰ সংযোগ কৰি সাধাৰণ জনতাক বিদ্যুত যোগান ধৰাৰ ব্যৱস্থা কৰিছে। পৰিতাপৰ বিষয় যে ইয়াৰ পাছতো অঞ্চলটোৰ ৰাইজে নিয়মীয়াকৈ বিদ্যুত লাভ কৰিবলৈ সক্ষম হোৱা নাই। বিয়াগোম বিভাগটোৱে বৃহত্তৰ অঞ্চলটোত বিদ্যুত সেৱা চোৱাচিতাৰ বাবে কেৱল মাত্ৰ এজনেই কৰ্মচাৰী নিয়োগ কৰি ৰাখিছে। এগৰাকী কৰ্মচাৰীয়েই সামৰিক-অসামৰিক সকলো দিশ চাবলগীয়া হয়। যোৱা এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহ মানৰ পৰাই বৃহত্তৰ অঞ্চলটোত বিদ্যুৎ সেৱা অনিয়মীয়া হৈ থকাৰ ফলত কলকাৰখানা, ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়াশুনা আদিৰ উপৰি সংবাদ কৰ্মী সকলে বাতৰি পৰিবেশন কৰাত ব্যাপক ব্যাঘাতৰ সৃষ্টি হৈছে ৷Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.