ETV Bharat / state

গুৱাহাটী উচ্চ ন্যায়ালয়ত ডেনিয়েল তপ্ন' হত্যাকাণ্ডৰ শুনানি - Daniel Tapna murder case new turn

2000 চনৰ 27 ছেপ্তেম্বৰত অতি নৃশংসভাৱে হত্যা কৰা হৈছিল তেতিয়াৰ অতি সক্ৰিয় তথা প্ৰভাৱশালী আদিবাসী ছাত্ৰ নেতা ডেনিয়েল তপ্ন'ক ৷ হত্যাকাণ্ডৰ 20 বছৰ উকলি যোৱাৰ পিছতো চিনাক্ত হোৱা নাই হত্যাকাৰী ৷

Daniel Tapna murder case new turn
প্ৰাক্তন নেতা ডেনিয়েল তপ্ন' হত্যাকাণ্ডৰ গোচৰৰ নতুন মোৰঃ পুনৰ হ'ব গোচৰৰ শুনানি
author img

By

Published : Oct 5, 2020, 10:08 AM IST

তেজপুৰ, 5 অক্টোবৰ: ৰাজ্য কঁপাই যোৱা চাহ জনগোষ্ঠীৰ প্ৰাক্তন নেতা ডেনিয়েল তপ্ন' হত্যাকাণ্ডৰ গোচৰৰ নতুন মোৰ ৷ উচ্চ ন্যায়ালয়ৰ মজিয়াত পুনৰ শুনানি হ'ব গোচৰটোৰ ৷ সোমবাৰে ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি ৷ দীৰ্ঘদিন ধৰি গোচৰটোৰ শুনানি গ্ৰহণ নোহোৱাৰ পাছত উচ্চতম ন্যায়ালয়ৰ অপৰাধী ৰাজনৈতিক সম্পৰ্কীয় এক নিৰ্দেশৰ পিছতে পুনৰ চৰ্চালৈ আহিছে ডেনিয়েল তপ্ন' হত্যাকাণ্ডৰ গোচৰ ৷

Daniel Tapna murder case new turn
ডেনিয়েল তপ্ন' ৰ পিতৃ

সিদিনা আছিল 2000 চনৰ 27 ছেপ্তেম্বৰ ৷ উক্ত দিনটোতে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল তেতিয়াৰ অতি সক্ৰিয় তথা প্ৰভাৱশালী আদিবাসী ছাত্ৰ নেতা ডেনিয়েল তপ্ন'ক ৷ হত্যাকাণ্ডৰ 20 বছৰ উকলি যোৱাৰ পিছতো চিনাক্ত নোহোৱা অজ্ঞাত শত্ৰুৰ পৰিকল্পিত আক্ৰমণত অকালতে হেৰাই গৈছিল গহপুৰৰ এক প্ৰতিবাদী সত্ত্বা ৷ অতি ৰহস্যজনকভাৱে আটছাৰ প্ৰাক্তন নেতাগৰাকীৰ হত্যাকাৰী আজিও ধৰা নপৰিল ৷

প্ৰাক্তন নেতাগৰাকীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তেতিয়াই গহপুৰ থানাত ৰুজু হৈছিল 183/2000 নম্বৰত গোচৰ ৷ ইয়াৰ পিছতে আৰম্ভ হৈছিল পুলিচ, চিআইডি, চিবিআই তদন্তৰ এক দীঘলীয়া পৰিক্ৰমা ৷ কিন্তু সমাধান নহ'ল ঘটনাৰ ৷ চিনাক্ত নহ'ল ছাত্ৰ নেতাজনৰ হত্যাকাৰী ৷ উল্লেখনীয় যে, ডেনিয়েল তপ্ন'ৰ ভাতৃ সন্তোষ তপ্ন'ই 2000 চনৰ ডিচেম্বৰ মাহতে হত্যাকাণ্ডৰ চি বি আইৰ তদন্ত দাবী কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰীট আবেদন কৰিছিল ৷ ডেনিয়েলৰ পৰিয়ালৰ আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে 2005 চনত গোচৰটো চি বি আইক অৰ্পণ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছিল ৷ তাৰ পিছতে আৰম্ভ হৈছিল হত্যাকাণ্ডৰ আঁৰৰ ব্যক্তিক বিচাৰি চি বি আইৰ তদন্ত ৷ কিন্তু কৰবাত যেন পুনৰ থমকি ৰ'ল প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ৷

প্ৰাক্তন নেতা ডেনিয়েল তপ্ন' হত্যাকাণ্ডৰ গোচৰৰ নতুন মোৰঃ পুনৰ হ'ব গোচৰৰ শুনানি

অতি তাৎপৰ্যপূৰ্ণভাৱে এই গোচৰৰ সংক্ৰান্তত 2008 চনৰ 3 জুনত বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰাক নতুন দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ চিবিআইৰ তদন্তকাৰী বিষয়াক ঘোচ দিয়াৰ অভিযোগত তিহাৰ জেলত সোমাইছিল তেতিয়াৰ মন্ত্ৰী ৰিপুন বৰা ৷ কিন্তু চিবিআয়ে পিছত তেওঁৰ বিৰুদ্ধে কোনো উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰাৰ বাবে ঘোচ দিয়াৰ গোচৰত ক্লিনশ্বীট পাইছিল ৰিপুন বৰাই ৷ পিছলৈ চিবিআইৰ তদন্তকাৰী বিষয়া এবি গুপ্তাৰো মৃত্যু হৈছিল আৰু ডেনিয়েল তপ্ন'ৰ হত্যাৰ প্ৰধান গোচৰটো চিবিআই নিম্ন আদালতত হাজিৰ নোহোৱাত আদালতে খাৰিজ কৰিছিল গোচৰটো ৷ কিন্তু চিবিআয়ে 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত উচ্চ ন্যায়ালয়ত গোচৰটো চলাই যাবলৈ ৰীট আবেদন দাখিল কৰিছিল ৷ ইয়াৰ ভিত্তিতে সোমবাৰে ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি ৷ উক্ত শুনানিলৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে ডেনিয়েল তপ্ন'ৰ পৰিয়ালৰ লগতে প্ৰয়াত ছাত্ৰ নেতাজনৰ অগনন শুভাকাংক্ষীয়ে ৷

লগতে পঢ়কঃ সামৰিক দিশৰ পৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ অটল সুৰংগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.