ETV Bharat / state

শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত

author img

By

Published : Dec 29, 2020, 1:30 PM IST

Updated : Dec 29, 2020, 2:11 PM IST

অন্ত পৰিল কোভিড 19 প্ৰতিষেধকৰ সম্পৰীক্ষা ৷ শোণিতপুৰৰ 5 টা স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষণমূলক কাৰ্য ৷

Covid 19 Vaccination practice completed in sonitpur assam etv bharat news
কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত

তেজপুৰ,29 ডিচেম্বৰ: মঙলবাৰে অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ কোভিড ১৯ ৰ প্রতিষেধক প্ৰদানৰ অনুশীলন ৷ এই অনুশীলন দেশৰ চাৰিখন ৰাজ্যৰ ভিতৰত অসমৰ শোণিতপুৰ জিলাৰ পাঁচটা স্বাস্থ্যকেন্দ্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল ৷ ৰাজ্যৰ দুখন জিলা ক্ৰমে শোণিতপুৰ আৰু নলবাৰীত কোভিড 19 ৰ প্ৰতিষেধক প্ৰদানৰ দুদিনীয়া কাৰ্যসূচীৰ মঙলবাৰে দ্বিতীয় দিন ৷ প্ৰথম পৰ্যায়ৰ এই অনুশীলনত শোণিতপুৰৰ 5 টা স্বাস্থ্যকেন্দ্ৰৰ 25 গৰাকী স্বাস্থ্য কৰ্মীক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ তাৰ ভিতৰত অন্যতম কেন্দ্ৰ হৈছে তেজপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰ ৷ জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে উক্ত স্বাস্থ্য কেন্দ্ৰত মঙলবাৰে পুৱা উপস্থিত হৈ প্ৰতিষেধক প্ৰদান কাৰ্যৰ পৰিদৰ্শন কৰে ৷ এই প্ৰতিষেধক প্ৰদানৰ সময়ত অৱলম্বন কৰিবলগীয়া সাৱধানতা সম্পৰ্কে উপায়ুক্তগৰাকীয়ে আলোচনা কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগলৈ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰিব বুলি মন্তব্য কৰে ৷

শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত

উল্লেখ্য যে, শোণিতপুৰৰ ৫ টা স্বাস্থ্য কেন্দ্ৰ ক্ৰমে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, তেজপুৰ নগৰীয়া স্বাস্থ্যকেন্দ্ৰ, টাইম হাস্পতাল, ঢেকীয়াজুলি চিএছচি আৰু ২নং ৰঙাগৰা এইচডব্লিউচি-ত এই অনুশীলন সোমবাৰৰ পৰা আৰম্ভ হৈছে ৷ প্ৰতিষেধক প্ৰদানৰ অনুশীলন কাৰ্যৰ তদাৰক কৰে অতিৰিক্ত উপায়ুক্ত ৰৌহন ঝায়ে ৷ জিলাখনত প্ৰথম পৰ্যায়ত এই প্ৰতিষেধক প্ৰদানৰ বাবে 6000 প্ৰথম শ্ৰেণীৰ কোভিড যোদ্ধা আৰু স্বাস্থ্য কৰ্মীৰ নাম পঞ্জীয়ন কৰা হৈছে ৷

লগতে চাওকঃ ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম লিখিলে টীয়কৰ পদ্মনাভ বনিয়াই

Last Updated : Dec 29, 2020, 2:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.