ETV Bharat / state

Phani Sarma Memorial pillar: তেজপুৰত শীঘ্ৰেই আৰম্ভ হ’ব নটসূৰ্য ফণী শৰ্মা স্মৃতি সৌধৰ নিৰ্মানকাৰ্য - ফণী শৰ্মা স্মৃতি সৌধৰ নিৰ্মানকাৰ্য

শীঘ্ৰে তেজপুৰত আৰম্ভ হ’ব নটসূৰ্য ফণী শৰ্মা স্মৃতি সৌধৰ নিৰ্মাণকাৰ্য ৷ শিল্পী দিৱসৰ দিনটোতেই আহিল এই আশাব্যঞ্জক খবৰ ৷ সোমবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত গ্ৰহণ কৰা হয় স্মৃতিসৌধৰ নক্সা ৷

Phani Sarma Memorial pillar
তেজপুৰত শীঘ্ৰেই আৰম্ভ হ’ব নটসূৰ্য ফণী শৰ্মা স্মৃতি সৌধৰ নিৰ্মানকাৰ্য
author img

By

Published : Jan 17, 2022, 10:16 PM IST

তেজপুৰ, ১৭ জানুৱাৰী : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস অৰ্থাৎ শিল্পী দিৱসৰ দিনটোতেই তেজপুৰৰ লগতে ৰাজ্যৰ শিল্পকলা ক্ষেত্ৰখনলৈ আশাব্যঞ্জক বতৰা কঢ়িয়াই তেজপুৰত নিৰ্মাণৰ পথ প্ৰশস্ত হ’ল নটসূৰ্য ফণী শৰ্মা স্মৃতি সৌধ (Natasurya Phani Sarma Memorial pillar) ৷

উল্লেখ্য যে, নটসূৰ্যৰ সমাধিস্থলী দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকাৰ পিছত তেজপুৰীয়া ৰাইজে তেজপুৰ কলিবাৰীৰ বিশেষ ঠাইখিনি সংৰক্ষণ কৰি সমাধিক্ষেত্ৰ নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছিল ৷ ৰাইজৰ এনে দাবীৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ শোণিতপুৰ জিলা প্ৰশাসনে সমাধিক্ষেত্ৰখন আকৰ্ষণীয়কৈ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

ইয়াৰ পিছতেই জিলা প্ৰশাসনে নটসূৰ্যৰ পৰিয়ালৰ লোকৰ উপস্থিতিত তেজপুৰৰ বাণ থিয়েটাৰ, তেজপুৰ সাহিত্য সভা আৰু স্থানীয় বিধায়কৰ লগতে একাংশ শিল্পীৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত নটসূৰ্য ফণী শৰ্মা স্মৃতিসৌধ নিৰ্মাণৰ উদ্দেশ্যে এখন সমিতি গঠন কৰা হৈছিল ৷

এই সমিতিয়ে তেজপুৰৰ বিশিষ্ট চিত্ৰ ভাস্কৰ্যৰ শিল্পী হৰিনাৰায়ণ দাসক সমাধিক্ষেত্ৰৰ মূল সৌধ নিৰ্মাণৰ নক্সা প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল ৷ এই দায়িত্ব লাভৰ পিছতেই বিশিষ্ট ভাস্কৰ্য শিল্পীগৰাকীয়ে প্ৰস্তুত কৰা নক্সা শিল্পী দিৱসৰ দিনটোত সমিতিৰ ওচৰত দাখিল কৰে ৷

শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত বিয়লি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, কোষাধ্যক্ষ শেখৰ বৰুৱা, অসম সাহিত্য সভাৰ প্ৰতিনিধি হিচাপে পংকজ বৰুৱা, লোকনিৰ্মাণ বিভাগৰ অভিযন্তা-কৰ্মচাৰীৰ উপস্থিতিত সেই নক্সা প্ৰদৰ্শন কৰাৰ পিছত সভাই নক্সা গ্ৰহণ কৰে ৷

আনহাতে, এই সভাতেই উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক পৰৱৰ্তী ১০-১৫ দিনৰ ভিতৰত নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ সভাখনত বিধায়ক পৃথ্বীৰাজ ৰাভাই নটসূৰ্য ফণী শৰ্মা স্মৃতিসৌধ নিৰ্মাণৰ সমান্তৰালভাৱে নিৰ্মাণস্থলীৰ পৰা পানী নিষ্কাষণৰ বাবে নৰ্দমাৰ নিৰ্মাণৰ কাম সমানে সমানে আৰম্ভ কৰিবলৈ বিভাগীয় অভিযন্তাক আহ্বান জনায় ৷

লগতে পঢ়ক: ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.