ৰঙাপৰা,3 আগষ্ট: সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি বিজেপি দলৰ বিৰুদ্ধে কংগ্ৰেছে পালন কৰে প্ৰতাৰণা দিৱস ৷ অন্যান্য প্ৰান্তৰ দৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো কংগ্ৰেছে পালন কৰে এই কাৰ্যসূচী ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচী উপলক্ষে আমাৰীবাৰী চেণ্টাৰত মিলিত হয় ৰঙাপৰা-বালিপৰা ব্লক কংগ্ৰেছৰ দুটাকৈ প্ৰতিবাদী দল ৷ বিজেপি দলটোৱে শাসনকালৰ প্ৰায় চাৰিবছৰ অতিক্ৰম কৰাৰ পিছতো জন সাধাৰণক দিয়া প্ৰতিশ্ৰুতি অনুসৰি পালন নকৰিলে কোনো দায়িত্ব ৷
চৰকাৰৰ উক্ত কাৰ্যৰ বিৰোধিতা কৰি সোমবাৰৰ দিনটোত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দল কংগ্ৰেছে ৷ প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে মোডী চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ' বেক,কংগ্ৰেছ জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।