ETV Bharat / state

Congress observed Satyagrah: বিজেপিৰ ৱাছিং পাউদাৰত অজিত ভূঞাক ধুব নোৱাৰিলে; ভূপেন বৰা - APCC president at satyagrah

তেজপুৰ হলেশ্বৰত অসম প্ৰদেশ কংগ্ৰেছৰ জয় সত্যাগ্ৰহ কাৰ্যসূচী । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ বিজেপিক আক্ৰমণ (APCC president at satyagrah)।

APCC president at satyagrah
অসম প্ৰদেশ কংগ্ৰেছৰ জয় সত্যাগ্ৰহ কাৰ্যসূচী
author img

By

Published : Apr 26, 2023, 9:32 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ জয় সত্যাগ্ৰহ কাৰ্যসূচী

তেজপুৰ, ২৬ এপ্ৰিল : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি তেজপুৰ হলেশ্বৰত প্ৰাক্তন জন্মু-কাশ্মীৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে পুলৱামা কাণ্ডৰ অভিযোগ উত্থাপিত কৰাৰ বিষয়ে উল্লেখ কৰি বিজেপিক সমালোচনা কৰে । তেওঁ কয় যে ৪০ জন সৈনিকৰ মৃত্যুৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰিলে বিজেপিয়ে । মাত্ৰ ৪ খন উৰাজাহাজ প্ৰেৰণ কৰা হ'লে দেশৰ ৪০ জন সৈনিক হেৰুৱাব নালাগিলহেঁতেন । আৰু এই অভিযোগ উত্থাপিত কৰা বাবে তেওঁৰ ওপৰত চি বি আই তদন্তৰ নিৰ্দেশ জাৰি কৰে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয় (APCC president at Tezpur)।

তেওঁ পুনৰ কয় যে, অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে চি বি আই তদন্ত আৰম্ভ কৰিছে । কাৰণ বিজেপিৰ ৱাছিং পাউদাৰত অজিত ভূঞাক ধুব নোৱাৰিলে । বিজেপিৰ গুৱাহাটীৰ কাৰ্যালত ৱাছিং পাউদাৰ ধোৱা চিনটেক্স আছে আৰু অভিযোগ থকা লোকক ধুই নিকা কৰি লয় । তেওঁলোকৰ ওপৰত অভিযোগ নাইকীয়া হৈ পৰে বুলিও কয় । গুৱাহাটীৰ বিজেপিৰ কাৰ্যালয়ত‌ এটা ৱাচিং পাউদাৰ আছে ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয় যে, অজন্তা নেওগ, গৌতম ৰয় আৰু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে মাতিছিল । তেওঁলোকক গুৱাহাটীৰ বিজেপিৰ কাৰ্যালয়ত‌ থকা ৱাচিং পাউদাৰ নিৰ্মা মিহলাই ডাঙৰ চিন্টেক্সত জুবুৰিয়াই দিলে আৰু সকলো পৰিষ্কাৰ হৈ গ'ল । তাৰ পাছতেই তেওঁলোকে বিজেপিত যোগদান কৰিলে (Congress observed satyagrah at Tezpur)।

তেজপুৰ হলেশ্বৰত অসম প্ৰদেশ কংগ্ৰেছৰ জয় সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমকো আক্ৰমণ কৰে । তেওঁ কয় যে, সংবাদ মাধ্যমে কংগ্ৰেছৰ বাতৰি প্ৰকাশ নকৰে, কাৰণ বিজ্ঞাপনৰ নামত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ১.২০ কোটি টকাৰ অৱন্টন দিছে । ফলস্বৰূপে সংবাদ মাধ্যমে কংগ্ৰেছৰ বাতৰি প্ৰকাশ নকৰে বুলি অভিযোগ উত্থাপিত কৰে । সংবাদ মাধ্যমৰ মুখত টকা গুজি দি প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিছে বুলি তেওঁ কয় ।

তেওঁ পুনৰ কয় যে, কংগ্ৰেছ চৰকাৰৰ সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত সংবাদ মাধ্যমৰ বিজ্ঞাপনৰ বাবে ২ কোটি টকা দিয়া হৈছিল । তাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত ২০ কোটি আৰু বৰ্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ বিজ্ঞাপনৰ বাবদ ১ কোটি ২০ লাখ টকা দিছে । ফলস্বৰূপে সংবাদ মাধ্যমৰ যোগেদি কংগ্ৰেছৰ বাতৰি প্ৰকাশ নাপায় বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক:Congress observed satyagrah: প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দলৰ উদ্যোগত সত্যাগ্ৰহ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.