ৰঙাপৰা,17 জুন : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এটা বিধ্বস্ত পথে ৰাইজক জ্বলা-কলা খুৱাইছে। গুৰুত্বপূৰ্ণ কথা যে, এই পথচোৱাৰ দৈৰ্ঘ্য মাত্ৰ ১৫০ মিটাৰ । মাত্ৰ ১৫০ মিটাৰৰ পথচোৱাৰে ৰাইজ তথা ছাত্ৰ-ছাত্ৰী সকলে অহা-যোৱা কৰাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।
উল্লেখ্য যে, ৰঙাপৰাৰ পৰা মইনাজুলি-ফুলগুৰি সংযোগী পথচোৱাৰ পকীকৰণ কৰা হ’ল যদিও উক্ত ১৫০ মিটাৰ দৈৰ্ঘ্যৰ পথচোৱা মাজতে পকীকৰণ বা মেৰামতি নোহোৱাত সম্প্ৰতি বিধ্বস্ত হৈ যাতায়তৰ ক্ষেত্ৰত অনুপযোগী হৈ পৰিছে । প্ৰায়ে এজাক বৰষুণতে পথচোৱা কৰ্দযময় হৈ পৰে ।
অৱশ্যে, স্থানীয় ৰাইজে পথৰ ওপৰত ভঙা ইটাৰ টুকুৰা পেলাই পৰ্যাপ্ত ভাৱে যাতায়তৰ বাবে উপযোগী কৰি তুলিছে । ৰঙাপৰা-মইনাজুলি-ফুলগুৰি পথচোৱাৰে নামগাঁও, চেঁচা, মইনাজুলি, ৰঙাপৰা, ধূলাপাদুং আদি চাহ বাগিচাৰ জৰুৰীকালীন সেৱাৰ গাড়ী সমূহ নিতৌ অহা-যোৱা কৰে । ইয়াৰোপৰি উক্ত পথচোৱাৰে কেইবাখনো বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে অহা-যোৱা কৰি আহিছে ।
সম্প্ৰতি, পথচোৱাৰ কোনো কোনো ঠাইত পুখুৰী সদৃশ গাঁত দেখা পোৱা গৈছে । প্ৰায় ৩-৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ মাজতে ১৫০ মিটাৰ কি কাৰণত পকীকৰণ নহল তাকে লৈ ৰাইজে এতিয়া তীব্ৰ ক্ষোভ আৰু আশ্চৰ্য প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞৰ ঘৰত NIA ৰ অভিযান