ETV Bharat / state

যুদ্ধবিৰত সংগঠন আৰু ছাত্ৰ সংগঠনৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ - যুদ্ধবিৰত আদিবাসী সশস্ত্ৰ সংগঠন আনলা

যুদ্ধবিৰত আদিবাসী সশস্ত্ৰ সংগঠন আনলা, বিৰচা কমাণ্ডো ফ'ৰ্চ আৰু ছাত্ৰ সংগঠন আছাৰ বিৰুদ্ধে ম্যাদী পট্টাৰ মাটি বেদখলৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ মাটিৰ গৰাকীয়ে দাখিল কৰিছে আৰক্ষী চকীত এজাহাৰ ৷

আনলা, বিৰচা কমাণ্ডো ফৰ্চ আৰু আছা
তিনিটাকৈ সংগঠনৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ
author img

By

Published : Mar 13, 2020, 1:36 PM IST

চতিয়া, 13 মাৰ্চ : যুদ্ধবিৰত আদিবাসী সংগঠন আনলা, বিৰচা কমাণ্ডো ফ'ৰ্চ আৰু ছাত্ৰ সংগঠন আছাৰ বিৰুদ্ধে উত্থাপিত হৈছে মাটি বেদখলৰ অভিযোগ ৷ কল্পনা চিয়াকুটি নামৰ এগৰাকী মহিলাৰ ম্যাদী পট্টাৰ ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে সংগঠন কেইটাৰ বিৰুদ্ধে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, 2015 চনতেই নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মূঢ়াদল মৌজাৰ বগাবিল গাঁৱৰ দিগম্বৰ ভূমিজ নামৰ লোকজনৰ পৰা 13 ৰ 41 নং দাগৰ সৰ্বমুঠ 3 বিঘা 3 কঠা 15 লোচা ম্যাদী মাটি ক্ৰয় কৰিছিল ৷ সেই মাটি চৰকাৰী নীতি-নিয়ম অনুসৰি পঞ্জীয়ন কৰাৰ লগতে খাজানাও পৰিশোধ কৰি আহিছে মহিলা গৰাকীয়ে ৷

তিনিটাকৈ সংগঠনৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ

কিন্তু যোৱা 10 মাৰ্চত উক্ত সংগঠন কেইটাৰ নামফলক, ধনু-কাঁড় আঁৰি আৰু এটি অস্থায়ী ঘৰ নিৰ্মাণ কৰি চৌদিশে বাঁহৰ বেৰাৰে ভেটি 'সংৰক্ষিত ভুমি এলেকা' বুলি লিখি থোৱাত মাটিৰ গৰাকীৰ লগতে স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে ৷ ম্যাদী পট্টাৰ মাটিত এনেদৰে সংগঠনে বেদখল কৰাৰ অধিকাৰ ক’ত পালে বুলিও প্ৰশ্ন তুলিছে স্থানীয় ৰাইজে ৷ যদি এইদৰে ম্যাদী পট্টাৰ মাটি বেদখল কৰিবলৈ কুণ্ঠাবোধ নকৰে তেন্তে ৰাজহ চক্ৰ তথা আইনৰ ওপৰত ৰাইজৰ আস্থাই নাথাকিব বুলিও ব্যক্ত কৰে মাটিৰ গৰাকী আৰু সচেতন মহলে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কল্পনা চিয়াকুটিয়ে জামুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

আৰু পঢ়ক : কৰ'ণাভাইৰাছৰ ক'লাৰ টিউনৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.