ETV Bharat / state

হৰধন ৰায়ৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 20 লাখ টকাৰ এককালীন সাহাৰ্য

author img

By

Published : Nov 16, 2020, 8:01 AM IST

শ্বহীদ সেনা জোৱান হৰধন ৰায়ৰ পৰিয়াললৈ 20 লাখ এককালীন সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ অসমে এজন বীৰ সন্তান হেৰুৱালে বুলি মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ ৷ শুকুৰবাৰে জম্মু-কাশ্মীৰৰ উৰি চেক্টৰত যুদ্ধ বিৰতি নীতি উলংঘা কৰি পাক সেনাই চলোৱা আক্ৰমণত সেনা জোৱান গৰাকী শ্বহীদ হৈছিল ৷

শ্বহীদ সেনা হৰধন ৰায়ৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 20 লাখ টকাৰ এককালীন সাহাৰ্য

তেজপুৰ, 16 নৱেম্বৰ: জম্মু-কাশ্মীৰৰ উৰি ছেক্টৰত কৰ্তব্যৰত অৱস্থাত পাকিস্তানী সেনাৰ হাতত প্ৰাণ হেৰুওৱা শ্বহীদ সেনা জোৱান হৰধন চন্দ্ৰ ৰায়ৰ পৰিয়ালবৰ্গক অসম চৰকাৰৰ ফালৰ পৰা 20 লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দেওবাৰে গুৱাহাটীৰ সামৰিক চিকিৎসালয় শ্বহীদ সেনা জোৱানগৰাকীক ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ সময়ত উপস্থিত থাকি অসমে এজন বীৰ সন্তান হেৰুৱালে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক:নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে সেনাৰ নিয়ম অনুসৰি ৰয়ৰ নশ্বৰ দেহ নিজ বাসগৃহলৈ নি সোমবাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব ৷ দেওবাৰে বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰৰ বায়ু সেনা ষ্টেচনলৈ বীৰ জোৱানগৰাকীৰ নশ্বৰদেহ লৈ অনা হয় ৷ শুকুৰবাৰে জম্মু-কাশ্মীৰৰ উৰি ছেক্টৰত যুদ্ধ বিৰতি নীতি উলংঘা কৰি পাক সেনাই চলোৱা আক্ৰমণত সেনা জোৱান গৰাকী শ্বহীদ হৈছিল ৷

লগতে পঢ়ক:দেওবাৰে বাসগৃহ পোৱাৰ সম্ভাৱনা হৰধন ৰায়ৰ নশ্বৰদেহ

বিগত চাৰি বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা শ্বহীদ সেনা গৰাকীৰ ঘৰ বিলাসীপাৰা মহকুমাৰ ফুটকিবাৰী মেধীপাৰা গাঁৱত ৷ এটি ডেৰ বছৰীয়া সন্তানৰ পিতৃ হৰধনে 2001 চনত ভাৰতীয় স্থলসেনাৰ 59 ফিল্ড আৰ্টিলাৰী ৰেজিমেণ্টত যোগদান কৰিছিল ৷ ভাৰতৰ ভিন্ন স্থানত কৰ্তব্য সম্পাদন কৰা সেনা জোৱানগৰাকীক বিগত দুমাহ পূৰ্বে জম্মু-কাশ্মীৰৰ উৰি ছেক্টৰত নিয়োজিত কৰা হৈছিল ৷

চলিত বৰ্ষত পাকিস্তানে 4,052 বাৰ যুদ্ধবিৰতি চুক্তি উলংঘন কৰিছে ৷ ইয়াৰ ভিতৰত মাত্ৰ অক্টোবৰ আৰু নৱেম্বৰতে ক্ৰমে 394 বাৰ আৰু 128 বাৰ যুদ্ধ বিৰতি উলংঘন কৰে চিৰবৈৰী দেশখনে ৷

লগতে পঢ়ক:পাকিস্তানৰ যুদ্ধবিৰতি উলংঘনঃ শ্বহীদ অসমৰ বীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.