ETV Bharat / state

Child marriage in Assam: বিশ্বনাথত বাল্য বিবাহ নিষিদ্ধকৰণ সম্পৰ্কীয় সজাগতা সভা

author img

By

Published : Feb 25, 2023, 2:22 PM IST

ৰাজ্য় চৰকাৰে বাল্য বিবাহ সন্দৰ্ভত শূণ্য সহনশীলতা নীতি কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । এই উদ্দেশ্য়ে বিভিন্ন জিলাত অনুষ্ঠিত কৰা হৈছে সজাগতা সভা । ইয়াৰ সৈতে সংগতি ৰাখি বিশ্বনাথত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্য়োগত আয়োজন কৰা হয় বাল্য বিবাহ নিষিদ্ধকৰণ সম্পৰ্কীয় এখনি বৈঠক (Meeting on Prohibition of Child Marriage in Biswanath) ।

Child marriage awareness meeting in Biawanath
বিশ্বনাথত বাল্য বিবাহ সন্দৰ্ভত সজাগতা সভা

বিশ্বনাথ, ২৫ ফেব্ৰুৱাৰী:দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো দীৰ্ঘ দিন ধৰি বাল্য বিবাহ এক সামাজিক ব্যাধি হিচাপে চিহ্নিত হৈ আহিছে । কিন্তু সামাজিক ব্যাধি হোৱা স্বত্বেও ৰাজ্যখনত আজিও অব্যাহত আছে বাল্য বিবাহৰ দৰে জঘন্য় ঘটনা (Child marriage incident increased in Assam) ৷ বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহৰ ঘটনা বৃদ্ধি পাইছে ৷ এই বিষয়ত সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কোনো কোনো সংগঠনে সময়ে সময়ে বিশেষ পদক্ষেপ লৈ আদিছে যদিও একাংশ লোকে ইয়ালৈ কৰ্ণপাত কৰা নাই । সেয়েহে ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে চৰকাৰ তথা আৰক্ষী প্ৰশাসন । চৰকাৰৰ এই পদক্ষেপৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও ৰাজ্য় চৰকাৰে ইয়াৰ বিৰুদ্ধে অভিযান অব্য়াহত ৰাখিছে । এই সন্দৰ্ভত বিশ্বনাথত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্য়োগত শুক্ৰবাৰে আয়োজন কৰা হয় বাল্য বিবাহ নিষিদ্ধকৰণ সম্পৰ্কীয় এক বৈঠক।

অসম চৰকাৰে বাল্য বিবাহ সন্দৰ্ভত গ্ৰহণ কৰা শূণ্য সহনশীলতা নীতি কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বনাথত কালি শোণিতপুৰ জিলাৰ উপায়ুক্ত দেব কুমাৰ মিশ্ৰৰ অধ্যক্ষতাত এখন সজাগতা সভা অনুষ্ঠিত হয় (Child marriage awareness meeting in Biawanath)। বিশ্বনাথ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বাল্য বিবাহ নিষিদ্ধকৰণ সম্পৰ্কীয় এই বৈঠকখনত প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া দিশ আলোচনা কৰা হয়।

বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিং, অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিৱানী, অতিৰিক্ত উপায়ুক্ত (মহিলা আৰু শিশু কল্যাণ) লিজা তালুকদাৰ উপস্থিত থাকে । এই বৈঠকখনিত শোণিতপুৰৰ উপায়ুক্তগৰাকীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ শূণ্য সহনশীলতা নীতি কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে (DC of Sonitpur)। আৰক্ষী অধীক্ষকগৰাকীয়ে বৈঠকত অংশগ্ৰহণকাৰী সকলক বাল্য বিবাহ নিষিদ্ধকৰণৰ বাবে বিভিন্ন ধাৰা আৰু কাৰ্যৰ বিষয়ে অৱগত কৰে । এই বৈঠকখনিত গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ), সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকল আৰু সচেতন ৰাইজে অংশগ্ৰহণ কৰে । বৈঠকখনত গাঁও পঞ্চায়ত সচিবসকলক 'বাল্য বিবাহ নিষিদ্ধকৰণ বিষয়া' হিচাপে মনোনীত কৰা হৈছে বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে ৰাজ্য চৰকাৰে বিগত কিছুদিন ধৰি বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে । বাল্য বিবাহত জড়িত লোকৰ বিৰুদ্ধে বাল্য বিবাহ বিৰোধী আইন আৰু POCSO আইনৰ আধাৰত গোচৰ ৰজু কৰিছে । (Drive against child marriage Assam) ৷ বাল্য বিবাহৰ বিৰুদ্ধে এই অভিযান চলি থাকিব বুলি ইতিমধ্য় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সঁকীয়াই দিছে ।

লগতে পঢ়ক:Media workshop on child rights: ক’ভিডৰ পিচত বৃদ্ধি পাইছে বাল্যবিবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.