ৰঙাপৰা,১৩ এপ্ৰিলঃ ক্ৰমাৎ জহি-খহি গৈছে মিছামাৰীৰ বাঁহবেৰাস্থিত গো-উন্নয়ন আচঁনিৰ উপকেন্দ্ৰ । কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবে পৰিত্যক্ত অৱস্থাত থকা উপকেন্দ্ৰটোৰ বাবে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে গ্ৰামাঞ্চলৰ কৃষক ৰাইজ ।
উপকেন্দ্ৰটোৰ কৰ্মচাৰী গৰাকীক অন্য় ঠাইলৈ বদলি কৰাৰ পাছতে চিকিৎসক অবিহনেই চলি আছে উপকেন্দ্ৰটো । স্থানীয় ৰাইজৰ অনুৰোধৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । বেমাৰ আজাৰ হোৱা পশুধনৰ চিকিৎসাৰ অভাৱতে মৃত্য়ু হোৱাৰ বাবে চৰম দুৰ্ভোগ ভূগিব লগীয়া হৈছে সাধাৰণ ৰাইজ ।