ETV Bharat / state

নিৰ্বাচনৰ প্ৰাকক্ষণত শোণিতপুৰত টকাৰ উজান - নিৰ্বাচনী আচৰণ বিধি

নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছতো শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত জব্দ হৈছে লাখ লাখ নগদ ধন । সোমবাৰে দিনটোত জিলাখনৰ তিনিটা পৃথক স্থানত নগদ ধন জব্দ হয় । ফ্লায়িং স্কোৱাড টীম আৰু ষ্টেটিক ছাৰ্ভিলেন্স টীমৰ অভিযানত ঢেকীয়াজুলিৰ গেজেংগাগুৰিত ১,৯৩,২০০ টকা, শইকীয়া চুবুৰীত ৬০,১০০ টকা, কেহেৰুখন্দাত ১,০৮,৩০০ টকা আৰু গাধাজুলিত ৯৭,০০০ টকা জব্দ কৰা হয় ।

শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত জব্দ হৈছে লাখ লাখ নগদ ধন

author img

By

Published : Mar 8, 2021, 7:49 PM IST

তেজপুৰ, ৮ মাৰ্চ: নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা শোণিতপুৰ জিলাত ক্ৰমাৎ নগদ ধন জব্দ হোৱাৰ ঘটনা বৃদ্ধি পাইছে । সোমবাৰে ঢেকীয়াজুলিৰ গেজেংগাগুৰিত নিয়মীয়া তালাচী অভিযান চলাই থকাৰ সময়ত ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত যোৱা ফ্লায়িং স্কোৱাড টীম আৰু সহ: উপ-পৰিদৰ্শক দিগন্ত নাথে এখন বলেৰ' পিক-আপ বাহনৰ পৰা নগদ ১,৯৩,২০০ টকা জব্দ কৰে । ধনখিনি লৈ অহা লোকজনে উক্ত ধন যোৰহাটৰ মৰিয়নীত পাচলি বিক্ৰী কৰাৰ বাবদ পোৱা ধন বুলি দাবী কৰিছিল ।

কিন্তু তেওঁ উপযুক্ত তথ্য সম্বলিত নথি-পত্ৰ দেখুৱাব নোৱাৰাৰ বাবে ধনখিনি গণনা কৰি তেজপুৰ কোষাগাৰলৈ প্ৰেৰণ কৰা হয় আৰু ধনৰাশিৰ গৰাকীক প্ৰয়োজনীয় নথি যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হয় ৷ আনহাতে, ঢেকীয়াজুলি থানাৰ অন্তৰ্গত শইকীয়া চুবুৰীত স্থায়ী আৰক্ষী চকীত বহা ষ্টেটিক ছাৰ্ভিলেন্স টীম, আব্দুল আজিজৰ নেতৃত্বত যোৱা ফ্লায়িং স্কোৱাড টীমে ঢেকীয়াজুলি থানাৰ মুখ্য কনিষ্টবল মাধৱ নাথৰ সহযোগত এখন মাৰুটি অল্ট' বাহনৰ পৰা ৬০,১০০ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে ধনৰাশিৰ গৰাকীক প্ৰয়োজনীয় নথি যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ ইয়াৰ উপৰিও, সোমবাৰে বৰছলা সমষ্টিৰ কেহেৰুখন্দাত চলোৱা এক অভিযানত এজন ব্যক্তিৰ পৰা ১,০৮,৩০০ টকা জব্দ কৰে মঞ্জিত বৰাৰ নেতৃত্বত যোৱা ষ্টেটিক ছাৰ্ভিলেন্স টীমে ৷ লগতে, গাধাজুলিত বিৰাজ কুমাৰ বৰাৰ নেতৃত্বত ষ্টেটিক ছাৰ্ভিলেন্স টীমে চলোৱা অভিযানত শিঙৰীমাৰীৰ এজন লোকৰ পৰা ৯৭,০০০ টকা জব্দ কৰা হয় ৷

উক্ত দুয়োগৰাকী লোকে জব্দকৃত ধনৰাশিৰ বিপৰীতে কোনো বৈধ নথি প্ৰদৰ্শন কৰিব নোৱাৰা বাবে ধনৰাশি তেজপুৰ কোষাগাৰলৈ প্ৰেৰণ কৰা হয় । লগতে দুয়োগৰাকীকে প্ৰয়োজনীয় নথি যোগান ধৰি ধন মোকলাই নিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ মুঠতে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জিলাখনত নগদ ধন সঘনাই জব্দ হোৱা ঘটনাই বৰ্তমান বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

লগতে পঢ়ক:বিশ্বনাথ, বিহালী সমষ্টিত মনোনয়ন পত্ৰ দাখিল দুই বিজেপি প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.