ETV Bharat / state

২২ সংখ্যক মৃত্যু দিৱসত স্মৰণ শ্বহীদ কেপ্টেইন ননগ্ৰুমক - Jammu and Kashmir Light Infantry

বৃহস্পতিবাৰে কাৰ্গিল যুদ্ধৰ পইণ্ট ৪৮১২ (Point 4812) দখলৰ অভিযানৰ সময়ত শ্বহীদ হোৱা কেপ্টেইন, এমভিচি (মৰণোত্তৰ) কেইচিং ক্লিফৰ্ড ননগ্ৰুমক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

Nongrum memorial
২২ সংখ্যক মৃত্যু দিৱসত স্মৰণ শ্বহীদ কেপ্টেইন ননগ্ৰুমক
author img

By

Published : Jul 1, 2021, 7:30 PM IST

তেজপুৰ, ১ জুলাই : ভাৰতীয় সেনাৰ জিঅ'চি ১০১ (GOC 101) এলেকাৰ অধীনষ্ঠ শ্বিলঙত সকলো বিষয়াৰ হৈ বৃহস্পতিবাৰে কাৰ্গিল যুদ্ধৰ পইণ্ট ৪৮১২ (Point 4812) দখলৰ অভিযানৰ সময়ত শ্বহীদ হোৱা কেপ্টেইন, এমভিচি কেইচিং ক্লিফৰ্ড ননগ্ৰুমক ২২ তম মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কেপ্টেইন কেইছিং ক্লিফৰ্ড ননগ্ৰুম এমভিচি ১২ (MVC 12) জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰীৰ (JAKLI) এজন ভাৰতীয় সেনা বিষয়া আছিল ৷ যাক ১৯৯৯ চনত কাৰ্গিল যুদ্ধত (kargil war) ৰ সময়ত দৃষ্টান্তমূলক বীৰত্বৰ বাবে মৰণোত্তৰভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ বীৰচক্ৰ বঁটা প্ৰদান কৰা হৈছিল । ১৯৭৫ চনৰ ৭ মাৰ্চত শ্বিলঙত জন্মগ্ৰহণ কৰা ক্লিফৰ্ড ননগ্ৰুম ভাৰতীয় সেনাৰ এগৰাকী সাহসী যোদ্ধা হিচাপে নিজকে পৰিচয় দিছিল ।

১৯৯৯ চনৰ মে’ মাহৰ আৰম্ভণিতে পাকিস্তানী বাহিনীয়ে মুশকোহ, দ্ৰাছ, কাকছাৰ আৰু বাটালিক খণ্ডত এলঅ'চি(LoC) ত অনুপ্ৰৱেশ কৰিছিল । এলঅ'চিত প্ৰৱেশৰ অংশ প্ৰতিটো খণ্ডত ৪-৮ কিল’মিটাৰলৈকে ভিন্ন আছিল । বহুতো গুৰুত্বপূৰ্ণ বিন্দুত, আৰ্টিলাৰী বা বায়ুশক্তিয়ে শত্ৰু বাহিনীক উৎখাত কৰিব নোৱাৰিলে ৷ সেইবাবে ভাৰতীয় বাহিনীৰ ওচৰত সৈনিকসকলক প্ৰত্যক্ষ আক্ৰমণৰ বাবে পঠোৱাৰ বাহিৰে কোনো বিকল্প নাছিল ।

Nongrum memorial
২২ সংখ্যক মৃত্যু দিৱসত স্মৰণ শ্বহীদ কেপ্টেইন ননগ্ৰুমক

যাৰ বাবে ভাৰতীয় সেনাৰ বহুতো ক্ষতি হৈছিল । বাটালিক খণ্ডত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ পইণ্ট ৪৮১২ দখল কৰিবলৈ ১৯৯৯ চনৰ ৩০ জুনত ১২ জেএকে এলআই সৈন্য (Jammu and Kashmir Light Infantry) বাহিনীৰে এই অভিযান আৰম্ভ কৰিছিল ভাৰতীয় সেনাই । কেপ্টেইন ননৰুমক এই গুৰুত্বপূৰ্ণ অভিযানৰ বাবে আক্ৰমণকাৰী দলৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছিল ।

১৯৯৯ চনৰ ৩০ জুনৰ মাজনিশা কেপ্টেইন ননগ্ৰুমে তেওঁৰ সৈন্যৰ সৈতে দক্ষিণ-পূৱৰ দিশৰ পৰা আক্ৰমণ কৰে । তেওঁ সম্পূৰ্ণ দক্ষতাৰে দলটোৰ নেতৃত্ব দিছিল । কেপ্টেইন ননগ্ৰুম আৰু দলটোৱে এই প্ৰত্যাহ্বানৰ মাজেৰে গৈ উচ্চ শীৰ্ষত থকা শত্ৰুৰ আশ্ৰয় শিবিৰত গৈ উপস্থিত হয় । লক্ষ্যত উপনীত হোৱাৰ পিছত তেওঁৰ দলে শত্ৰু বাহিনীৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল ৷ উক্ত স্থান ভাৰতীয় সেনাৰ দখললৈ আনিবলৈ সক্ষম হয় যদিও এই যুদ্ধত শ্বহীদ হয় কেইছিং ক্লিফৰ্ড ননগ্ৰুম ।

লগতে পঢ়ক: মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যত CPI(M) ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.