ETV Bharat / state

বিটিআৰ চুক্তি কাৰ্যকৰীকৰণ আয়োগৰ সদস্য জয়ন্ত বসুমতাৰীক উষ্ম আদৰণি

author img

By

Published : Oct 1, 2020, 1:38 PM IST

ৰাজনৈতিক মুনাফাৰ বাবেই শোনিতপুৰ আৰু বিশ্বনাথ জিলা দুখন বড়ো-কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভুক্ত কৰা নাছিল বি পি এফৰ মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ এই মন্তব্য এবছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জয়ন্ত বসুমতাৰীৰ ৷

btc accord  EXECUTIVE  member  jayanta bosumotari felicitated at rangapara
বিটিআৰ চুক্তি কাৰ্যকৰীকৰণ আয়োগৰ সদস্য জয়ন্ত বসুমতাৰীক উষ্ম আদৰণি

ৰঙাপৰা,1 অক্টোবৰঃ যোৱা ২৭ জানুৱাৰীত নতুন দিল্লীত স্বাক্ষৰ হোৱা বিটিআৰ চুক্তিৰ ৩.১ দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে গঠন কৰা পাঁচজনীয়া আয়োগৰ অন্যতম সদস্য জয়ন্ত বসুমতাৰীক ৰঙাপৰাৰ বড়ো ৰাইজে বিপুল ভাৱে আদৰণি জনাই। ৰঙাপৰাৰ মাইনাওশ্ৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত নিখিল বড়ো ছাত্ৰ সন্থাৰ শোনিতপুৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত আদৰণি সভালৈ আয়োগৰ সদস্য জয়ন্ত বসুমতাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা খুংখ্ৰা স্বৰ্গীয়াৰী, উপ-সভাপতি মুৰুখদম বসুমতাৰীক বড়ো জনগোষ্ঠীৰ পৰম্পৰা নৃত্য গীতেৰে সভাস্থলীলৈ আদৰি আনে।

আদৰণি সভাত উপস্থিত থকা এবছুৰ উপ-সভাপতি জয়ন্ত বসুমতাৰীয়ে ভাষণ প্ৰসঙ্গত কয়, 'শোনিতপুৰ জিলাৰ বড়ো ৰাইজে কেৱল মোক আদৰণি বা মৰম যাচিলে নহ’ব ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো, এনডিএফবিৰ চাৰিটা গোটৰ বিষয়ববীয়া সকলকো আদৰণি জনোৱাৰ লগতে মৰমো যাচিব লাগিব ৷ তেখেত সকলৰ আপ্ৰাণ চেষ্টাৰ ফলত ভাৰত চৰকাৰৰ সৈতে যুক্তি সংগত আলোচনাত মিলিত হোৱাৰ পিছতহে শোনিতপুৰ আৰু বিশ্বনাথ জিলাত থকা বড়ো অধ্যুষিত গাঁওসমূহ বিটিআৰত অন্তৰ্ভুক্ত হোৱাৰ পথ প্ৰশস্ত হৈছে ৷ বডোফা উপেন্দ্ৰ কুমাৰ ব্ৰহ্মই বড়ো জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ তেখেতৰ নীতি আদৰ্শ আৰু কৰ্মৰাজিক আজিৰ প্ৰজন্মই স্মৰণ কৰিব লাগিব বুলি উল্লেখ কৰে । বি পি এফৰ মন্ত্ৰী তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান মন্ত্ৰী চন্দন ব্ৰহ্মৰ চৰম অনিহাৰ বাবেই বিধানসভাৰ মজিয়াত বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বিধেয়কখন উত্থাপিত নকৰিলে ৷

একমাত্ৰ ৰাজনৈতিক কাৰণত শোনিতপুৰ আৰু বিশ্বনাথ জিলা দুখন বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভুক্ত কৰা নাছিল ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিটিআৰ চুক্তি ৰূপায়ন কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে যদিও বৰ্তমান বড়ো সম্প্ৰদায়ৰ এগৰাকী মন্ত্ৰীয়ে প্ৰায়েই বাধাৰ সৃষ্টি কৰি আহিছে বুলি উন্নেখ কৰিলে । শোণিতপুৰ জিলাত থকা বড়ো অধ্যূষিত গাঁও সমূহ বিটিআৰ চুক্তি অনুসৰি অন্তৰ্ভুক্ত হোৱাৰ দিশে অগ্ৰসৰ হোৱাত চাৰিদুৱাৰ,ভালুকপুং,ঘোৰমাৰী, বগীজুলি,কয়লাজুলি, যোগীবিল,উৰহীলগা আদি গাঁৱৰ বড়ো ৰাইজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে, চুক্তি মৰ্মে বিটিআৰৰ পৰা অবড়ো প্ৰধান গাঁও সমূহক বাদ দিয়াৰ লগতে সীমামুৰীয়া আন কেতবোৰ গাঁও অন্তৰ্ভুক্ত কৰাৰ বিষয়টো চোৱা-চিতা কৰি চৰকাৰক পৰামৰ্শ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই আয়োগখন গঠন কৰিছে । যিহেতু বিটিআৰ চুক্তি মৰ্মে বৰ্তমান বিটিএডিৰ ৪০ টা পৰিষদীয় সমষ্টিৰ পৰিৱৰ্তে বিটিআৰত সমষ্টিৰ সংখ্যা ৬০ টালৈ বৃদ্ধি পাব।

লগতে পঢ়কঃ গাড়ী বন্ধ কৰি নগাঁৱত প্ৰতিবাদ মটৰ শ্ৰমিক আৰু মালিক সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.