চতিয়া, 16 জুন : মঙলবাৰে জামুগুৰিহাটৰ ইটাখোলাৰ ধুবিখোলাত উদ্ধাৰ হৈছিল এটা বোমা ৷ এই বোমাটো বুধবাৰে নিষ্ক্ৰিয় কৰা হয়। বোমাটো উদ্ধাৰ হোৱাৰ সুদীৰ্ঘ ১৮ ঘন্টাৰ অন্তত নিষ্ক্ৰীয় কৰা হয় বোমাটো ৷
জানিব পৰা মতে তেজপুৰস্থিত ফ'ৰ কৰ্পছৰ সেনাবাহিনীৰ বোমা বিশেষজ্ঞৰ দলে আজি দিনৰ ৩ বজাত নিষ্ক্ৰিয় কৰে বোমাটো । বালিজুৰিৰ ধুবিখোলাৰ পথাৰত নিষ্ক্ৰিয় কৰা বোমাটোৰ ওজন দহ কেজি বুলি জানিব পৰা গৈছে ৷
বোমাটো নিষ্ক্ৰিয় কৰাৰ লগে লগে এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ সমূহ ৰাইজে । উল্লেখ্য যে মঙলবাৰে সন্ধিয়া বালিজুৰিৰ ধুবিখোলাৰ দিকৰাই নদীৰ দলঙৰ তলত দুজন স্থানীয় লোকে বোমাটো প্ৰত্যক্ষ কৰি জামুগুৰি আৰক্ষীক অৱগত কৰোৱাৰ পাছত উক্ত স্থানত আৰক্ষী উপস্থিত হৈ ১৮ ঘন্টা ধৰি আৰক্ষীয়ে পহৰা দি আছিল বোমা (Bomb) উদ্ধাৰ হোৱা স্থানত । বুধবাৰে পথাৰৰ মুকলি স্থানত নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় বোমাটো ।
শোণিতপুৰ জিলাৰ চতিয়াৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ধুবিখোলাৰ এখন পকী দলঙত মঙলবাৰে সন্ধিয়া ভাগত উদ্ধাৰ হোৱা এই বোমাটো উদ্ধাৰৰ ঘটনাই সমগ্ৰ ইটাখোলা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ধুবিখোলাৰ এজন পথচাৰীয়ে উক্ত বোমাটো প্ৰত্যক্ষ কৰাৰ পাচতে চিঞৰ-বাখৰ কৰে আৰু লগে লগে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ । উদ্ধাৰ হোৱা বোমাটো এটা মৰ্টাৰ (Mortar) চেল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে বোমা উদ্ধাৰকাৰী (Bomb Expert)ক খবৰ দিয়াত বুধবাৰে উদ্ধাৰকাৰী উপস্থিত হৈ নিষ্ক্ৰিয় কৰে বোমাটো ৷
লগতে পঢ়ক:ইটাখোলাৰ ধুবিখোলাত বোমা উদ্ধাৰ