তেজপুৰ,২২ ফেব্ৰুৱাৰী : সন্মুখত ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে শাসনাধিষ্ঠিত বিজেপি চৰকাৰে ৷ ব্যস্ত প্ৰতিজন নেতা পালিনেতা ৷ ব্যস্ততাৰ মাজতে ই টিভি ভাৰতক এক সাক্ষাৎকাৰ প্ৰদান কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷
সীমাপাৰপত্ৰ প্ৰৱৰ্তন (ILP) একমাত্ৰ ষষ্ঠ অনুসূচি থকা ৰাজ্য বিশেষকৈ জনজাতীয় এলেকাত প্ৰৱৰ্তন কৰা হয় , কিন্তু অসমত BTAD, কাৰ্বি আংলং আৰু ডিমা হাছাওত একমাত্ৰ ষষ্ঠ অনুসূচি প্ৰৱৰ্তন আছে , তেনেস্থলত ৰাজ্যৰ আন্তঃৰাজ্যিক সীমাপাৰপত্ৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত কিছু চিন্তা চৰ্চাৰ প্ৰয়োজন আছে ৷ এই বিষয়টো উচ্চতম ন্যায়ালয়ে IMDT আইনৰ দৰেই যদি অগ্ৰাজ্য কৰে, তেনেস্থলত এই বিষয়ে আলোচনা অবিহনে কোনো ধৰণৰ চিন্তা-চৰ্চা কৰাটো অনুচিত বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে ।
আনহাতে ৬ নং দফা কাৰ্য সাধনৰ বাবে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নৰেন্দ্ৰ মোদীয়ে এই বিষয়ে সংসদৰ মজিয়াত স্থান দিছে ইয়াৰ পূৰ্বে কোনো ৰাজনৈতিক দলে এই বিষয়ে আলোচনা কৰা নাই বুলিও স্পষ্ট কৰে ৰঞ্জিত দাসে ৷ ইয়াৰোপৰি, আগন্তুক উপ নিৰ্বাচনত ৰঙাপাৰা আৰু সোণাৰিত বিজেপিৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হব বুলি ইটিভি ভাৰতৰ আগত মন্তব্য কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে ৷
উল্লেখ্য যে, বড়ো ছাত্ৰ সন্থাৰ নেতৃত্ব প্ৰমোদ বড়োই নতুন ৰাজনৈতিক দলত যোগদান কৰাৰ ফলত বিজেপিত কোনো প্ৰভাৱ নপৰে বুলিও মত প্ৰকাশ কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷
লগতে পঢ়কঃ ট্ৰাম্পৰ তিনিঘন্টীয়া গুজৰাট ভ্ৰমণত ব্যয় হ’ব 85 কোটি টকা