ETV Bharat / state

ৰঙাপৰাত ৰণ ডংকা বজালে মন্ত্ৰী পিযুষ হাজৰিকাই

author img

By

Published : Mar 18, 2021, 8:24 AM IST

Updated : Mar 18, 2021, 12:28 PM IST

শোণিতপুৰৰ ৰঙাপৰাত বিজেপিৰ দলীয় সভাত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকাই ৷ বিজেপিৰ প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীৰ হৈ নিৰ্বাচনী সভাত অংশ লয় মন্ত্ৰী গৰাকীয়ে ।

ৰঙাপৰাত ৰণ ডংকা বজালে মন্ত্ৰী পিযুষ  হাজৰিকাই
ৰঙাপৰাত ৰণ ডংকা বজালে মন্ত্ৰী পিযুষ হাজৰিকাই

ৰঙাপৰা, 18মাৰ্চ: বুধবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৰণ দুন্দুভি বজায় মন্ত্ৰী পিযূষ হাজৰিকাই ৷ ৰঙাপৰাত অনুষ্ঠিত বিজেপিৰ এক দলীয় সভাত উপস্থিত হ'ল মন্ত্ৰী পিযুষ হাজৰিকা । বিজেপিৰ প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীৰ হৈ নিৰ্বাচনী সভাত অংশ লয় মন্ত্ৰী গৰাকীয়ে ।

এই দলীয় সভাৰ পৰাই মন্ত্ৰী পিযুষ হাজৰিকাই মন্তব্য কৰে, ‘ভাৰতবৰ্ষত কোনো এখন ৰাজ্যত বিনামূলীয়া চাউল হিতাধিকাৰীয়ে লাভ নকৰে । কেৱল অসমতহে হিতাধিকাৰীয়ে বিনামূলীয়া চাউল লাভ কৰে । ৰাজ্যত ৬৮ লাখ পৰিয়ালৰ ভিতৰত ৫৮ লাখ পৰিয়ালে বিনামূলীয়াকৈ চাউল লাভ কৰিছে । বৰ্তমান ৰাজ্যত ২০ লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে । যদি ৰাজ্যত আজমল বা কংগ্ৰেছৰ চৰকাৰ গঠন হয়, তেতিয়া হ'লে ৰূপায়ণ হৈ থকা সকলোবোৰ চৰকাৰী উন্নয়নমূলক আঁচনি বন্ধ হৈ যাব’ ।

বিজেপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰি আহিছে । কংগ্ৰেছৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি মন্ত্ৰী হাজৰিকাই কয় যে, অভিজিৎ হাজৰিকা হৈছে নিজকে বিক্ৰী কৰা এজন ব্যক্তি । এসময়ত হাজৰিকাই নিজকে বিক্ৰী কৰাৰ বাবে দলৰ পৰা বহিস্কৃত হৈছিল । যিজন ব্যক্তিয়ে নিজক বিক্ৰী কৰে তেনে ব্যক্তি বিধায়ক হিচাপে নিৰ্বাচিত হ’লে ৰঙাপৰা সমষ্টিৰ মান-সন্মানৰহে হানি হ’ব ।

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় তাঁতীৰ সন্দৰ্ভত মন্তব্য কৰে যে, আসন্ন অসম বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সকলে ১ হাজাৰ পৰা ২ হাজাৰ ভোট লাভ কৰিব । লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ আমানতৰ ধন বাজেয়াপ্ত হ’ব । আমানতৰ ধন বাজেপ্তৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে অভিলেখ গঢ়িব । মন্ত্ৰী পিযুষ হাজৰিকাই হাগ্ৰামা মহিলাৰীকো কঠোৰ ভাষাৰে কৰিলে সমালোচনা । হাগ্ৰামা মহিলাৰী অসমৰ ভৱিষ্যত গঢ়া ব্যক্তি নহয় । আনকি পাম যোৱা বেলুনৰ কাম নাই বুলিও হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: মঙলদৈত বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ পদযাত্ৰা

Last Updated : Mar 18, 2021, 12:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.