বিহালী, 17 মে’: ৰাজ্যত অব্যাহত আছে কৰ’ণা মহামাৰীৰ সংহাৰ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিহালীতো বৃদ্ধি পাইছে কৰ’ণা সংক্ৰমণৰ ঘটনা ৷ সোমবাৰে বিহালী খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্র, বৰগাং মডেল হাস্পতাল আৰু জিনজিয়া প্রাথমিক স্বাস্থ্য কেন্দ্ৰত কৰা নিয়মীয়া পৰীক্ষাত নতুনকৈ 9 জন লোকৰ শৰীৰত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি ৷ নতুনকৈ আক্ৰান্ত হোৱা কেইজনক লৈ এই পৰ্যন্ত বিহালীত ১৩৭ জনলৈ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷
ইফালে বিহালীত বৰজাৰণি ভৰালীজুলি গাঁৱৰ কাৱে ইতিংপি নামৰ ৫৮বছৰীয়া এগৰাকী মহিলা ক’ভিডত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে ৷
লগতে পঢ়ক: ধুবুৰীত ১৯৪৪ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা