ETV Bharat / state

উদয়পুৰৰ কনহায়া লালৰ হত্যাৰ বিৰোধিতাৰে তেজপুৰত প্ৰতিবাদ - ধৰ্মীয় হিংসাত্মক কাৰ্য

বৃহস্পতিবাৰে প্ৰতিবাদত উত্তাল হৈ পৰিল তেজপুৰ ৷ ৰাজস্থানৰ উদয়পুৰৰ কনহায়া লালৰ নৃশংস হত্যাৰ বিৰোধিতাৰে তেজপুৰত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তাসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ (Bajrang Dal and Vishwa Hindu Parisad protest in Tezpur) ৷

t Udaipur Killing case
উদয়পুৰৰ কনহায়া লালৰ হত্যাৰ বিৰোধীতাৰে তেজপুৰত প্ৰতিবাদ
author img

By

Published : Jun 30, 2022, 3:55 PM IST

তেজপুৰ, ৩০ জুন : বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল তেজপুৰ চহৰৰ মাজ মজিয়া ৷ সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে তেজপুৰত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহায়া লালৰ হত্যাকাণ্ডৰ বিৰোধিতাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ (Bajrang Dal and Vishwa Hindu Parisad protest in Tezpur) ৷

কেৱল প্ৰতিবাদ কৰাই নহয়, দেশত জেহাদী কাৰ্যকলাপৰ বিৰোধিতা কৰি ৰাজস্থানৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে তেজপুৰৰ প্ৰতিবাদকাৰীসকলে ৷ লগতে এই ঘটনাৰ উচিত তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে তেজপুৰৰ বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তাসকলে ৷

উদয়পুৰৰ কনহায়া লালৰ হত্যাৰ বিৰোধীতাৰে তেজপুৰত প্ৰতিবাদ

আনকি ঘটনা সন্দৰ্ভত আটকাধীন জেহাদী কেইজনক ফাঁচী দিয়াৰো দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷ লগতে ভৱিষ্যতে কোনো কাৰণতে কোনো ধৰণৰ ধৰ্মীয় হিংসাত্মক কাৰ্য সংঘটিত নহয়, তাৰ বাবেও চৰকাৰক কঠোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, ৰাজস্থানত মঙলবাৰে সংঘটিত কানহায়া হত্যাকাণ্ডৰ গোচৰৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ক অৰ্পন কৰা হৈছে ৷ বুধবাৰে এই গোচৰৰ দায়িত্ব গ্ৰহণ কৰি সংস্থাটোৱে অনুসন্ধান আৰম্ভ কৰিছে (NIA takes over Udaipur Killing case) ৷

লগতে পঢ়ক : কাপোৰ চিলোৱাবলৈ আহি দৰ্জীক ডিঙি ৰেপি হত্যা

ঘটনা সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি 452, 302, 153 (A), 153 (B), 295 (A), 35 আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা 16, 18 আৰু 20 ৰ অধীনত RC 27/2022/NIA/DLI নম্বৰত এটা গোচৰ ৰুজু কৰিছে NIAই ৷ দুজন যুৱকে নৃশংসভাৱে মঙলবাৰে উদয়পুৰত ডিঙি ৰেপি হত্যা কৰিছিল কানহায়া লাল তেলী নামৰ লোকজনক (Kanhaiya Lal killing)৷

আনহাতে, ইছলামৰ নবীৰ বিষয়ে বিতৰ্কিত টুইট কৰা বিজেপি নেত্ৰী নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে দৰ্জী কানহায়া লালক মঙলবাৰে ধনমাণ্ডি বজাৰত তেওঁৰ দোকানৰ ভিতৰত শিৰচ্ছেদ কৰা হৈছিল । অভিযুক্ত গোছ মহম্মদ আৰু ৰিয়াজ আখটাৰীয়ে জঘন্য অপৰাধটোৰ ভিডিঅ'টেপ কৰিছিল ৷

হত্যাৰ কেইঘণ্টামান পিছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জেৰা আৰম্ভ হোৱাৰ লগে লগে বৰ্তমান তেওঁলোকক এক অজ্ঞাত স্থানত ৰখা হৈছে । আখটাৰীৰ পাকিস্তানস্থিত দাৱাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে(Pakistan based Islamist group) ৷

লগতে পঢ়ক : Kanhaiya Lal killing case : কানহায়া হত্যাৰ আঁৰত ইছলামী সন্ত্ৰাসবাদী গোট জড়িতৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.