ETV Bharat / state

ASTC employees protest: বৰ্খাস্তৰ বিৰোধিতাৰে তেজপুৰত পৰিবহন নিগমৰ কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Jun 2, 2023, 4:53 PM IST

771গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক অব্যাহতি দিয়াক কেন্দ্ৰ কৰি অব্যাহত আছে পৰিবহন নিগমৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ (ASTC employee protest) ৷ তেজপুৰতো চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বৰ্খাস্ত কৰ্মচাৰীসকলে ৷ বিষয়টো পুনৰ বিবেচনা কৰি চৰকাৰক কৰ্ম সংস্থাপন দিয়াৰ দাবী কৰ্মচাৰীসকলৰ ৷

ASTC employees protest
ASTC employees protest
তেজপুৰতো পৰিবহন নিগমৰ কৰ্মচাৰীৰ প্ৰতিবাদ

তেজপুৰ, 2 জুন: অসম ৰাজ্যিক পৰিবহন নিগমত কৰ্মৰত 771 গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক নীতিবৰ্হিভূতভাৱে চাকৰি লোৱাৰ অভিযোগত এক জাননীযোগে ইতিমধ্যেই অব্যাহতি দিছে চৰকাৰে ৷ ইয়াকে কেন্দ্ৰ কৰি কৰ্মচাৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি (Assam State Transport Corporation) ৷

শুকুৰবাৰে তেজপুৰত পৰিবহন নিগমৰ বাছ আস্থানত প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলে ৷ তেজপুৰৰ পৰিবহন নিগমৰ কাৰ্যালয়ৰ 64 গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত অব্যাহতি দিয়া হৈছে ৷ যাৰ বাবে এতিয়া অন্ধকাৰ হৈ পৰিছে এই কৰ্মচাৰীসকলৰ ভৱিষ্যত ৷ সেয়েহে চৰকাৰক এই বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে কৰ্মচাৰীসকলে (ASTC employee protest in Tezpur) ৷

প্ৰতিবাদী কৰ্মচাৰীসকলে কয়, ‘‘চাৰ্ভিচবুক থকাৰ পাচতো চৰকাৰে কিয় এই চাকৰি অবৈধ বুলি কৈছে সেয়া দুৰ্ভাগ্যজনক বিষয় ৷ বাতৰি কাকতত বিজ্ঞাপন নথকা বিষয়টো আমাৰ ভুল নহয় ৷ কিন্তু আমি সাক্ষাতকাৰৰ যোগেদি এই চাকৰি লাভ কৰিছো ৷ সেয়েহে চৰকাৰে আমাক পুনৰ সংস্থাপন দিব লাগে ৷’’ বৃহস্পতিবাৰেও ৰাজ্যজুৰি পৰিবহন নিগমৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰাৰ লগতে গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী (ASTC employee protests) ৷

স্মৰ্তব্য যে অসম ৰাজ্যিক পৰিহন নিগমত ৭৭৪ গৰাকী স্থায়ী কৰ্মচাৰী থকাৰ লগতে ২১২৩ গৰাকী অস্থায়ী কৰ্মচাৰী আছে । এই ২১২৩ গৰাকী অস্থায়ী কৰ্মচাৰীৰ ভিতৰত ৭৭১ গৰাকী কৰ্মচাৰীক অনিয়মে চাকৰি লোৱা বুলি চাকৰিৰ পৰা অব্যাহতি দিয়া হয় । অব্যাহতি দিয়া কৰ্মচাৰীসকলৰ ভিতৰত ২৯৪ গৰাকী সুৰক্ষা সহায়ক, ২২৭ গৰাকী মেকানিক, ১৪৫ গৰাকী কাৰ্যালয় সহায়ক, ৭৪ গৰাকী কম্পিউটাৰ অপাৰেটৰ, ৭ গৰাকী ইঞ্জিনিয়াৰ আৰু ৮১ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে (ASTC employee fired from Job) ।

অৱশ্যে চৰকাৰে এই কৰ্মচাৰীসকলৰ দাবীক কিদৰে বিবেচনা কৰে সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয় ৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে সাক্ষাৎকাৰ অবিহনে লাভ কৰা চাকৰিক অবৈধ বুলি গণ্য কৰা হ’ব ৷

লগতে পঢ়ক: ASTC employee protest: নগাঁৱতো ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.