ETV Bharat / state

Assam worker missing in Arunachal: অৰুণাচলত নিখোজ অসমৰ 8 জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ - Assam workers missing in Arunachal Pradesh found alive

সূদীৰ্ঘ 13 দিনৰ অন্তত অৰুণাচল প্ৰদেশত নিখোজ হৈ থকা অসমৰ 19 জন শ্ৰমিকৰ 8 জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰা হৈছে (Assam workers missing in Arunachal Pradesh found alive)৷

Assam workers missing in Arunachal Pradesh found alive
অৰুণাচল প্ৰদেশত নিখোজ হোৱা অসমৰ 8 শ্ৰমিকক জীৱন্তে উদ্ধাৰ
author img

By

Published : Jul 23, 2022, 10:38 PM IST

Updated : Jul 23, 2022, 10:51 PM IST

তেজপুৰ, 23 জুলাই: ৰাখে হৰি মাৰে কোনে ? মাৰে হৰি ৰাখে কোনে ? 13 দিনৰ অন্তত অৰুণাচল প্ৰদেশৰ কুৰুং কুৰ্মে জিলাৰ ভাৰত চীন সীমান্তৰ দামিনত নিখোজ হোৱা 19 গৰাকী শ্ৰমিকৰ 8 গৰাকীক জীৱন্তে উদ্ধাৰ কৰা হৈছে (Missing workers rescue in Arunachal Pradesh)৷ যোৱা 10 জুলাইত ঈদ উপলক্ষে ঘৰলৈ উভতি অহাৰ পথত নিৰুদ্দেশ হৈছিল বৰ্ডাৰ ৰোডছ অৰ্গনাইজেছনৰ অধীনত সীমান্তত কৰ্মৰত শ্ৰমিককেইজন (Assam 19 workers missing in Arunachal Pradesh) ৷

ইয়াৰ পিছতে নিখোজ শ্ৰমিককেইজন বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল উদ্ধাৰকাৰী দলে ৷ শনিবাৰে পুৱা বায়ুসেনাৰ হেলিকপ্টাৰেৰে অঞ্চলটোত অভিযান চলাওঁতে 7 জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰে (Assam workers missing in Arunachal Pradesh found alive) ৷ উদ্ধাৰ হোৱা 7 জন শ্ৰমিকে তেওঁলোকৰ লগত তিনিজন শ্ৰমিকক নৈৰ পানীত উটি যোৱা প্ৰত্যক্ষ কৰে বুলি এছ ডি আৰ এফ (SDRF) বাহিনীক অৱগত কৰে ৷ নদীখনৰ সিপাৰে থকা দুজন শ্ৰমিক পানীত পৰি উটি গৈছে আৰু অন্য এজনে শিলত বহি জিৰণি লৈ থাকোতে নদীত উটি যোৱা প্ৰত্যক্ষ কৰে বুলি শ্ৰমিককেইজনে জানিবলৈ দিয়ে ৷ অৱশ্যে উদ্ধাৰকাৰী দলে এতিয়াও মৃত তিনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

পৰৱৰ্তী সময়ত পুনৰ শনিবাৰেই সন্ধিয়া 6 বজাত পুনৰ উদ্ধাৰকাৰী দলে অন্য এজন নিখোজ শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছতে উদ্ধাৰ কৰা 8 জন শ্ৰমিকক এছ ডি আৰ এফ বাহিনীয়ে দামিনতে থাকিবলৈ ব্যৱস্থা কৰি দিছে ৷

উল্লেখ্য যে এতিয়াও সন্ধানহীন হৈ আছে 11 জন শ্ৰমিক ৷ ইফালে সমগ্ৰ অঞ্চলটোত বায়ুসেনাৰ হেলিকপ্টাৰৰ লগেত উদ্ধাৰকাৰী দলে শ্ৰমিক কেইজনৰ সন্ধানত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

নিখোজ হৈ থকা শ্ৰমিককেইজন বঙাইগাঁৱৰ আব্দুল আমিন, ৱাজেদ আলী, অভয়াপুৰীৰ নুৰুল ইছলাম, কোকৰাঝাৰৰ শ্বামিজুল শ্বেখ, কোল পুদিন, ধুবুৰীৰ আইনুল হক, ফৰিজুল হক, মনোৱাৰ হুছেইন, মাজিদুল আলি, বাক্সাৰ জয়নাল আলী, ৰুস্তম আলী, হিকমত আলী, বৰপেটাৰ মইজুল হক, খাইৰুল ইছলাম, শ্বহিদুল ইছলাম, অমিদুল হক, ইব্ৰাহীম আলী, কামৰূপৰ সোণাৰ উদ্দিন বুলি জানিব পৰা গৈছে ৷ অৱশ্যে এজন শ্ৰমিকৰ নাম জানিব পৰা হোৱা নাই ৷

বৰ্ডাৰ ৰোডছৰ অধীনত বেঙীয়া তাচু নামৰ ঠিকাদাৰেজনে কাম কৰিবলৈ লৈ গৈছিল অসমৰ শ্ৰমিককেইজনক ৷ প্ৰজেক্ট অৰোনাকৰ অধীনত পূব অৰুণাচল প্ৰদেশৰ সীমান্তত কাম কৰি আছিল শ্ৰমিককেইজনে ৷

লগতে পঢ়ক : 19 Assam workers missing in Arunachal: অৰুণাচল প্ৰদেশত অসমৰ 19 জন শ্ৰমিক সন্ধানহীন: এজনৰ মৃতদেহ উদ্ধাৰ

Last Updated : Jul 23, 2022, 10:51 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.