ETV Bharat / state

Assam Arunachal border fest: পোন প্ৰথমবাৰৰ বাবে ভালুকপুঙত অনুষ্ঠিত হ’ব সীমান্ত মহোৎসৱ - শোণিতপুৰ জিলা তথ্য আৰু জনসংযোগ

অসম আৰু অৰুণাচল প্ৰশাসনৰ যৌথ উদ্যোগত পোন প্ৰথমবাৰৰ অনুষ্ঠিত হ’ব সীমান্ত মহোৎসৱ ৷ অহা 29 জানুৱাৰীত ভালুকপুংস্থিত লাল বাহাদুৰ শাস্ত্ৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’ব এই উৎসৱ ৷

Assam Arunachal border fest
পোন প্ৰথমবাৰৰ বাবে ভালুকপুংত অনুষ্ঠিত হ’ব সীমান্ত মহোৎসৱ
author img

By

Published : Jan 27, 2023, 10:31 PM IST

তেজপুৰ, 27 জানুৱাৰী: শোণিতপুৰ আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা প্ৰশাসনৰ যৌথ উদ্যোগত 29 জানুৱাৰীত অৰ্থাৎ দেওবাৰে শোণিতপুৰ জিলাৰ ভালুকপুংস্থিত লাল বাহাদুৰ শাস্ত্ৰী হাইস্কুলৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব সীমান্ত মহোৎসৱ(Assam Arunachal border fest) । এই কথা সদৰী কৰে শোণিতপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া নিনা বৰুৱা দেউৰীয়ে ৷

জনসংযোগ বিষয়াগৰাকীয়ে কয় যে, এই মহোৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱা 8.30 বজাত পতাকা উত্তোলন,10 বজাত প্ৰদৰ্শনী উদ্বোধন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ক্ৰীড়া প্ৰতিযোগিতাৰে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । উল্লেখ্য যে, ক্ৰীড়া প্ৰতিযোগিতাৰ অংশ হিচাপে দুয়োখন ৰাজ্যৰ স্থানীয় ক্ৰীড়াৰ সমাৰোহ অনুষ্ঠিত কৰা হৈছে ।

Assam Arunachal border fest
লাল বাহাদুৰ শাস্ত্ৰী হাইস্কুলৰ খেলপথাৰত চলিছে প্ৰস্তুতি

দুপৰীয়া 2 বজাত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ভালুকপুং আৰু চতিয়া সমষ্টিৰ বিধায়কদ্বয়ে দিনটোৰ মূল সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু ইয়াৰ পাচতেই দুয়োখন ৰাজ্যৰ বিভিন্ন লোকনৃত্য, জনজাতীয় নৃত্যৰে সীমা মহোৎসৱৰ মূল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব । সন্ধিয়া 5 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া সংগীত অনুষ্ঠানত অসমৰ গায়িকা নাহিদ আফ্ৰিন আৰু অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় কণ্ঠশিল্পী জেলী কায়ীয়ে গীত পৰিৱেশন কৰিব ।

উল্লেখযোগ্য যে, 2022-23 বিত্তীয় বৰ্ষৰ বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ ঘোষণা আৰু সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়, অসমৰ নিৰ্দেশ অনুসৰি এই সীমান্ত মহোৎসৱ পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে ৷ ইতিমধ্যেই, এই সীমান্ত মহোৎসৱৰ বাবে ব্যাপক কৰি তোলা হৈছে প্ৰস্তুতি ৷

লগতে পঢ়ক: Indus Waters Treaty: সিন্ধু জল চুক্তিৰ সংশোধন বিচাৰি পাকিস্তানলৈ ভাৰতৰ পত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.