ETV Bharat / state

তেজপুৰত মন্ত্ৰী অশোক সিংঘলৰ ক'ভিড সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : May 13, 2021, 8:22 PM IST

শোণিতপুৰ জিলাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলে তেজপুৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত জৰুৰী বৈঠকৰ অনুষ্ঠিত কৰে । ক'ভিড-১৯ সম্পৰ্কে ৰাজ্য চৰকাৰে সিংঘলক তিনিখন জিলাৰ ক'ভিড সম্পৰ্কে দায়িত্ব প্ৰদান কৰিছিল আৰু তাৰে খতিয়ান ল'বলৈ এই বৈঠক অনুষ্ঠিত কৰে ।

tezpur
তেজপুৰত মন্ত্ৰী অশোক সিংহলৰ ক'ভিড সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক

তেজপুৰ,১৩ মে': অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে এক পৰ্যালোচনা সভাত ক’ভিড- ১৯ ৰ বাবে সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে হাতত লোৱা বিভিন্ন পদক্ষেপৰ বুজ লয় ৷

অশোক সিংঘলৰ ক'ভিড সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক

বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন হোৱা সভাত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্ত, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী মিপুন নৰহ, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: কৰুণা হাজৰিকা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে আহমেদৰ লগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷

সভাৰ আৰম্ভণিতে জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনত ক'ভিড হাস্পতাল, ক'ভিড কেয়াৰ চেণ্টাৰ আদিত উপলব্ধ সুবিধাসমূহৰ লগতে ক'ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থাপনাৰ বাবে প্ৰশাসনে হাতত লোৱা পদক্ষেপৰ বিষয়ে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন যোগে মন্ত্ৰীগৰাকীক অৱগত কৰে ৷

শোণিতপুৰ জিলাৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে যোৱা বছৰ ক’ভিড ১৯ পৰিস্থিতি অতি নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ শলাগ লৈ আগন্তুক দিনত এই মহামাৰীৰ সৈতে অধিক সক্ৰিয়তাৰে যুঁজ দিয়াৰ বাবে সকলোকে প্ৰস্তুত হ’বলৈ আহ্বান জনায় ৷

মন্ত্ৰীগৰাকীয়ে লগতে জিলাখনৰ গ্ৰামাঞ্চলত এই ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাৰ বিষয়ে অধিক সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে আৰু সভাত উপস্থিত ৰাজহ চক্ৰ বিষয়াসকলক স্থানীয় লোকৰ সহযোগত বাহিৰৰ পৰা অহা লোকৰ চিনাক্তকৰণ, পৰীক্ষাকৰণ আৰু প্ৰয়োজন সাপেক্ষে পৃথকীকৰণৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে অধিক সংক্ৰমণৰ হোৱাৰ আগতেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা যায় ৷

লগতে আগন্তুক দিনত অধিক সংখ্যাত ক'ভিড ৰোগী চিনাক্ত হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সঠিকভাৱে ক'ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থাপনা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ৷ যাতে হাস্পতালসমূহত জটিল সমস্যা দেখা দিয়া ক’ভিড ৰোগীসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা যায় ৷

জিলাখনৰ ভিতৰুৱা ঠাই সমূহত ক'ভিডৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ প্ৰতিনিধিসকলৰ সক্ৰিয় অংশগ্ৰহণ কামনা কৰি এই ক্ষেত্ৰত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যক বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ৷

তেওঁ লগতে বিভিন্ন চৰকাৰী ক'ভিড কেয়াৰ চেণ্টাৰসমূহত থকা ৰোগীসকলক বিশেষভাৱে যত্ন লোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷ সভাত মন্ত্ৰীগৰাকীয়ে জিলাখনত স্বাস্থ্য ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ উপৰিও বৰ্তমান উপলব্ধ ব্যৱস্থাৰ সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷ ইয়াৰোপৰি, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপলব্ধ আইচিইউ বিচনা, অক্সিজেনযুক্ত বিচনা, অক্সিজেন প্ৰকল্পৰ উৎপাদন ক্ষমতা আদিৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয় ৷

লগতে পঢ়ক: সোণাৰিত গ্ৰেণেডসহ এজন নগা যুৱক আটক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.