ETV Bharat / state

ৰঙাপৰাত আছাৰ ধৰ্ণা, শ্ৰমিকৰ কৰ্মসময় ৮ ঘন্টাৰ কৰাৰ দাবী - লকডাউন

বৃহস্পতিবাৰে ৰঙাপৰাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত আছাৰ কৰ্মী শ্ৰমিকে । শ্ৰমিক আইন সংশোধন কৰি ৮ ঘন্টাৰ কৰ্মসময় বৃদ্ধি কৰি ১২ ঘন্টা কৰা সিদ্ধান্তই অসমৰ শ্ৰমিক ৰাইজৰ প্ৰতি চৰম প্ৰতাৰণা কৰাৰ অভিযোগতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে আছাই ।

ৰঙাপৰা
ৰঙাপৰাত আছাৰ ধৰ্ণা, শ্ৰমিকৰ কৰ্মসময় ৮ ঘন্টাৰ কৰাৰ দাবী
author img

By

Published : May 28, 2020, 7:08 PM IST

ৰঙাপৰা, ২৮ মে': সমগ্ৰ ৰাজ্যখনত লকডাউন চলি থকাৰ সময়তে বৃহস্পতিবাৰে বিভিন্ন শ্লগানেৰে মুখৰিত হৈ পৰে ৰঙাপৰা । ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত আছাৰ কৰ্মী আৰু শ্ৰমিক ৰাইজে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । দিনৰ ১১ বজাত তাৰাজুলি চাহ বাগিচাৰ ২ নম্বৰৰ চেকচেনত আছা আৰু শ্ৰমিক ৰাইজে সামাজিক দূৰত্ব বজাই ৰাখি হাতে হাতে বেনাৰ লৈ অসম চৰকাৰ হায় হায়, মালিক পক্ষ হুচিয়াৰ, চাহ বাগিচাত ১২ ঘণ্টা কাম কৰা বন্ধ কৰক, চৰকাৰৰ নিৰ্দেশ মানি লোৱা নহব, আছা জিন্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।

ৰঙাপৰা
ৰঙাপৰাত আছাৰ ধৰ্ণা, শ্ৰমিকৰ কৰ্মসময় ৮ ঘন্টাৰ কৰাৰ দাবী

উল্লেখ্য যে, লকডাউনৰ ফলত দেশৰ অৰ্থনীতি অভূতপূৰ্ব ভাৱে ভাগি পৰিছ । অৰ্থনৈতিক ব্যৱস্থাৰ জোৰা মাৰিবলৈ শ্ৰমিক আইন সংশোধন কৰি ৮ ঘন্টাৰ কৰ্মসময় বৃদ্ধি কৰি ১২ ঘন্টা কৰা সিদ্ধান্তই অসমৰ শ্ৰমিক ৰাইজৰ প্ৰতি চৰম প্ৰতাৰণা আৰু অন্যায় কৰা হৈছে । এই আইনে একাংশ পূজিপতিৰ দ্বাৰা শ্ৰমিক সকলক শোষণ কৰাৰ সুবিধা কৰি দিয়া বুলি অভিযোগ তোলে । আইনখন শীঘ্ৰে বাতিল কৰি বৰ্তমান অব্যাহত থকা ৮ ঘণ্টীয়া কৰ্মসময় বাহাল ৰখাৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.