ETV Bharat / state

অৰুণাচলত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: থিতাতে নিহত এজন - সেনাৰ হেলিকপ্টাৰ

অৰুণাচল প্ৰদেশ (Arunachal Pradesh)ৰ উজনি চিয়াং জিলাত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে সেনাৰ এখন বাহন ৷ দুৰ্ঘটনাত চতুৰ্থ শিখ লাইট ইনফেণ্ট্ৰী ৰেজিমেণ্টৰ এজন জোৱানৰ ঘটনাস্থলীতে মৃত্যু হয় । আনহাতে গুৰুতৰভাৱে আহত আন চাৰিজন জোৱানক তিনিচুকীয়া আৰু গুৱাহাটী আৰ্মি হাস্পতলত ভৰ্তি কৰোৱা হয় ৷

upper siang district
অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ বাহন : থিতাতে নিহত এজন
author img

By

Published : Jul 15, 2021, 10:53 AM IST

Updated : Jul 15, 2021, 6:44 PM IST

তেজপুৰ, ১৫ জুলাই : অৰুণাচল প্ৰদেশ (Arunachal Pradesh)ৰ উজনি চিয়াং জিলাত বুধবাৰে পুৱা ভাৰতীয় সেনা(Indian Army)ৰ এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয় ৷ পাহাৰৰ পৰা দ খাৱৈত ট্ৰাকখন বাগৰি পৰাৰ ফলত এজন সেনা জোৱান নিহত হোৱাৰ লগতে দহগৰাকী জোৱান আহত হয় ৷ ইয়াৰে চাৰিগৰাকী জোৱান গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ।

১১ গৰাকী জোৱানক লৈ সেনাৰ বাহনখন মিগিঙৰ এটা ট্ৰেঞ্জিট কেম্পৰ পৰা জিলাখনৰ টুটিং সেনা শিবিৰলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি সেনাৰ এটা সূত্ৰই জানিবলৈ দিছে । টুটিঙৰ অতিৰিক্ত উপায়ুক্ত (Additional Deputy Commissioner) ষ্টাৰলি জামোহে সদৰী কৰা অনুসৰি, পাহাৰীয়া পথটোৱেদি গৈ থকা অৱস্থাত পুৱা প্ৰায় ৭.১০ বজাত ট্ৰাকখন পাংগো আৰু টুটিংৰ মাজৰ খাদত বাগৰি পৰে ।

তেওঁ কয় যে, এই ঘটনাত চতুৰ্থ শিখ লাইট ইনফেণ্ট্ৰী ৰেজিমেণ্টৰ এজন জোৱানৰ ঘটনাস্থলীতে মৃত্যু হয় । আনহাতে আনকেইজন জোৱান গুৰুতৰভাৱে আহত হয় আৰু তেওঁলোকৰ চাৰিজনৰ অৱস্থা অতি গুৰুতৰ আছিল । টুটিঙৰ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে উল্লেখ কৰা অনুসৰি, গুৰুতৰভাৱে আহত জোৱান চাৰিজনক সেনাৰ হেলিকপ্টাৰেৰে চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

তেওঁলোকৰ এজনক অসমৰ তিনিচুকীয়া জিলাৰ দিনজান আৰ্মি বেছ হাস্পাতালত ভৰ্তি কৰোৱা হয় আৰু আন তিনিজনক গুৱাহাটীৰ আৰ্মি বেছ হাস্পতাললৈ লৈ যোৱা হয় ৷ আনহাতে সামান্যভাৱে আঘাত পোৱা আন 6 জন জোৱানক পথেৰে টুটিঙলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : গোলাঘাটত পুনৰ এদিনৰ বাবে বৃদ্ধি লকডাউন

Last Updated : Jul 15, 2021, 6:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.