ETV Bharat / state

সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ ৰানা প্ৰতাপ কলিতাৰ ছিকিম সীমান্ত পৰিদৰ্শন

author img

By

Published : May 8, 2022, 1:24 PM IST

যোৱা ৫ মে'ৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা ছিকিমত উপস্থিত হয় । নাছুলা পাছকে ধৰি ভাৰত-চীন সীমান্ত পৰিদৰ্শন কৰে সেনা বিষয়াগৰাকীয়ে (Gen Rana Pratap Kalita visits Indo China border)। ত্ৰিশক্তি ক'ৰ্পচৰ সেনা বিষয়া লেফটেনেন্ট জেনেৰেল তৰুণ কুমাৰে তেওঁক সংগ দিয়ে ।

Gen Rana Pratap Kalita
সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ ৰানা প্ৰতাপ কলিতাৰ ছিকিম সীমান্ত পৰিদৰ্শন

তেজপুৰ, ৮ মে' : ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই যোৱা ৫ মে'ত তিনিদিনীয়া কাৰ্যসূচীৰে ত্ৰিশক্তি ক'ৰ্পচৰ অধীনত থকা সীমান্তৱৰ্তী এলেকাসমূহৰ পৰিদৰ্শন আৰম্ভ কৰিছিল (Army Eastern command chief visits Sikkim border)। পৰিদৰ্শনৰ সময়ত ত্ৰিশক্তি ক'ৰ্পচৰ সেনা বিষয়া লেফটেনেন্ট জেনেৰেল তৰুণ কুমাৰে ইষ্টাৰ্ণ কামাণ্ডাৰ কলিতাক সবিশেষ জনায় । প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই জনোৱা মতে ৫ মে'ত শিলিগুৰি শুকানা শিবিৰৰ পৰা আৰম্ভ কৰি ছিকিমৰ অন্তৰ্গত সীমান্তসমূহ পৰিদৰ্শন কৰি আভ্যন্তৰীণ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে ।

লগতে সেই অঞ্চলৰ অধীনত থকা যুদ্ধকালীন প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে । যিকোনো মুহূৰ্তত সকলো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এই ক'ৰ্পচৰ সেনা বাহিনীৰ জোৱানসকলক আহ্বান জনায় বিষয়াগৰাকীয়ে । ছিকিমৰ নাথুলা পাছ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী ভাৰত-চীন সীমান্ত অঞ্চলসমূহো সেনা বিষয়া কলিতাই পৰিদৰ্শন কৰে ।

এই সীমান্ত অঞ্চলত তেওঁ সেনা জোৱানসকলৰ লগত মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু সকলোকে প্ৰতিটো মুহূৰ্ততে সজাগ হৈ থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :President's Colour Award: মঙলদৈ আৰু বঙাইগাঁৱত অসম আৰক্ষীৰ ৰেলী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.