ETV Bharat / state

Tezpur War Memorial : তেজপুৰত সশস্ত্ৰ বাহিনী পতাকা দিৱস উদযাপন

author img

By

Published : Dec 7, 2022, 2:57 PM IST

Updated : Dec 7, 2022, 4:08 PM IST

মঙলবাৰে তেজপুৰৰ ৱাৰ মেম'ৰিয়েলত (Tezpur War Memorial) উদযাপন কৰা হয় সশস্ত্ৰ বাহিনী পতাকা দিৱস (Armed Forces Flag Day) । এই উপলক্ষে কাৰ্গিল যুদ্ধৰ সৈনিক ঘনকান্ত কেওটক সম্বৰ্ধনা জনোৱা হয় (Kargil war) ।

Tezpur
Tezpur

তেজপুৰ, ৭ ডিচেম্বৰ : মঙলবাৰে তেজপুৰৰ ৱাৰ মেম'ৰিয়েলত (Tezpur War Memorial) উদযাপন কৰা হয় সশস্ত্ৰ বাহিনী পতাকা দিৱস (Armed Forces Flag Day observed at Tezpur) । এই উপলক্ষে কাৰ্গিল যুদ্ধৰ সৈনিক ঘনকান্ত কেওটক সম্বৰ্ধনা জনোৱা হয় (Kargil war) । উল্লেখ্য, তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সেই সময়ত কাৰ্গিল যুদ্ধৰ আহত সৈনিক কেপ্টেইন ঘনকান্ত কেওটক চিকিৎসালয়ত গৈ খবৰ লৈছিল (Former PM Atal Bihari Vajpayee) ।

তেজপুৰত সশস্ত্ৰ বাহিনী পতাকা দিৱস উদযাপন

তাত তেওঁক পুনৰ যুদ্ধক্ষেত্ৰলৈ যাব পাৰিবনে নাই বুলিও বাজপেয়ীয়ে সুধিছিল । মঙলবাৰে তেজপুৰত পতাকা দিৱসত সেই সময়ৰ অভিজ্ঞতাৰ বিষয়ে সুঁৱৰি এই কথা প্ৰকাশ কৰে ঘনকান্ত কেওটে । উল্লেখ্য, কাৰ্গিল যুদ্ধৰ সময়ত বাটালিকত শত্ৰুৰ গুলীত থকা-সৰকা হোৱা তেজপুৰৰ সৈনিক ঘনকান্ত কেওটে আজি সশস্ত্ৰ বাহিনী পতাকা দিৱসত কাৰ্গিল যুদ্ধৰ স্মৰণীয় কাহিনী বৰ্ণনা কৰে ।

আজি ফ্লেগ দিৱস উপলক্ষে কেপ্টেইন ঘনকান্ত কেওটৰ লগতে শোণিতপুৰ জিলাৰ ৮ গৰাকী বীৰাংগনাক ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰৰ ষ্টেচন কমাণ্ডাৰ আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্তসকলৰ উপস্থিতিত সন্মানিত কৰা হয় । আনহাতে, বিগত ৭৫ বছৰত দেশমাতৃৰ হকে সৰ্বোচ্চ বলিদান দিয়া বীৰ সৈনিকসকলক স্মৰণ কৰি তেজপুৰ আৱৰ্ত ভৱনৰ ৱাৰ মেম'ৰিয়েলত চতুৰ্থ ক'ৰৰ ষ্টেচন কমাণ্ডাৰ ব্ৰিগেডিয়াৰ সঞ্জীৱ কুমাৰ ভোৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

শোণিতপুৰ জিলাৰ উপায়ুক্তৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত উৎপল বৰা আৰু ৰোমি বৰায়ো শ্ৰদ্ধাঞ্জলি জনায় । অনুষ্ঠানত ৮ গৰাকী বীৰাংগনাৰ লগতে ১৯৭১ চনৰ কাৰ্গিল যুদ্ধৰ বীৰ সৈনিক বীৰেন শইকীয়াকো সন্মান প্ৰদান কৰা হয় । উল্লেখ্য, তেজপুৰৰ যুদ্ধ স্মাৰক ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ সাক্ষী হিচাপে স্থাপন কৰা হৈছিল (war memorial of India China war) ।

তেজপুৰ জিলা সৈনিক কল্যাণ সন্থা (Tezpur Army welfare association) তথা জিলা প্ৰশাসনে আয়োজন কৰা এই পতাকা দিৱসত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকলৰ পৰিয়ালক কিঞ্চিত সকাহ দিয়াৰ বাবে প্ৰত্যেক বছৰেই ৭ ডিচেম্বৰত এই দিৱস উদযাপন কৰা হয় ।

লগতে পঢ়ক :Crossing Zero Line : বিএছএফৰ গুলীত নিহত অনুপ্ৰৱেশকাৰীৰ মৃতদেহ গ্ৰহণ পাক ৰেঞ্জাৰৰ

Last Updated : Dec 7, 2022, 4:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.