ETV Bharat / state

APSC CCE 2022 : শোণিতপুৰ জিলাত প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা - শোণিতপুৰ

৮ৰ পৰা ১০ জুলাই লৈ ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক চূড়ান্ত পৰীক্ষা ৷ শোণিতপুৰ জিলা প্ৰশাসনে ১৪৪ ধাৰাৰ জাৰি ৷

APSC CCE 2022
শোণিতপুৰ জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা
author img

By

Published : Jul 7, 2023, 8:10 PM IST

Updated : Jul 7, 2023, 8:25 PM IST

তেজপুৰ,৭ জুলাই: প্ৰতীক্ষাৰ অন্ত পেলাই শনিবাৰৰ পাৰ আৰম্ভ হ’ব অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক চূড়ান্ত পৰীক্ষা ২০২২ ৷ ৮ৰ পৰা ১০ জুলাই লৈ ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক চূড়ান্ত পৰীক্ষা ২০২২ ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে পৰীক্ষা কেন্দ্ৰসমূহত ৷ ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক চূড়ান্ত পৰীক্ষা শান্তিপূৰ্ণভাৱে যাতে অনুষ্ঠিত হয় তাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷

তেজপুৰৰ দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব লগীয়া পৰীক্ষা কেন্দ্ৰত ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ সতৰ্কতামূলক নিৰ্দেশনা ৷ সেয়ে জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা ৷ পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্দ্ধ এলেকাত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা স্বাক্ষৰিত বৈধ প্ৰৱেশ পত্ৰসহ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকল, পৰীক্ষাৰ সৈতে সম্পৰ্কিত পৰ্যবেক্ষক, কৰ্মচাৰী আৰু নিৰীক্ষণ দল, আইন-শৃংখলা তথা অত্যাৱশ্যকীয় সেৱা আদি কাৰ্যত জড়িত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাদে আন লোকৰ উপস্থিতিত বাধা আৰোপ কৰা হৈছে ৷

জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই জাৰি কৰা এক নিৰ্দেশ অনুসৰি পৰীক্ষা কাৰ্যৰ লগত জড়িত কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ পৰা ৫০ মিটাৰ ব্যাসাৰ্দ্ধ এলেকাৰ ভিতৰত কোনো বাহন পাৰ্কিং তথা চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে । লগতে, পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মবাইল ফোন, কেলকুলেটৰ, বা আন যিকোনো যোগাযোগৰ সঁজুলি লগত আনিব নোৱাৰিব । ইয়াৰোপৰি পৰীক্ষা কেন্দ্ৰ সমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধ এলেকাৰ ভিতৰত কোনো খাদ্যৰ বিপণি, দোকান খোলাৰ অনুমতি দিয়া নহ’ব । তদুপৰি, পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক কৰ্মচাৰীৰ বাহিৰে আন কোনো ব্যক্তিক পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ নিৰ্ধাৰিত আসন গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ অনুমতি দিয়া নহ'ব।

এই নিৰ্দেশনা পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ প্ৰদৰ্শিত হ'ব লাগিব আৰু এই আদেশ উলঙ্ঘা কৰিলে আইন অনুসৰি দণ্ডনীয় হ'ব ।

লগতে পঢ়ক:Ban imposed on heavy vehicles: শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা

Last Updated : Jul 7, 2023, 8:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.