ETV Bharat / state

জন্মু-কাশ্মীৰৰ পৰা 2800 কি: মি খোজ কাঢ়ি অসম পালেহি অনন্ত ৰাণা

author img

By

Published : May 31, 2020, 11:03 AM IST

মাজতে জন্মু-কাশ্মীৰৰ কন্দাৰ পৰা পদব্ৰজে আহি ৰঙাপৰাত উপস্থিত হৈছে শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰৌথনাথপুৰ এজন যুৱক ৷ বৰ্তমান ৰঙাপৰা মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন শিৱিৰত কোৱাৰেন্টাইন হৈ আছে অনন্ত ৰাণা নামৰ যুৱক জন ৷

Ananta Rana reaached Assam by foot from Jammu kashmir
জন্মু-কাশ্মীৰৰ পৰা 2800 কি: মি খোজ কাঢ়ি অসম পালেহি অনন্ত ৰাণা

ৰঙাপৰা,31 মে': কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে দেশজুৰি বাহাল থকা লক ডাইনে দিশহাৰা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ এই লক্ ডাউনে বিশেষ ভাৱে বিপদত পেলাইছে কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যত থকা হাজাৰ-হাজাৰ লোকক ৷ কৰ্মসংস্থাপন হেৰুৱাই আৰ্থিক অনাটনত ভোগা বহু লোকে বহু কষ্টৰ মাজেৰে আহি উপস্থিত হৈছে নিজ-নিজ ৰাজ্যত ৷ ইয়াৰ মাজতে জন্মু-কাশ্মীৰৰ কন্দাৰ পৰা পদব্ৰজে আহি ৰঙাপৰাত উপস্থিত হৈছে শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰৌথনাথপুৰৰ এজন যুৱক ৷ বৰ্তমান ৰঙাপৰা মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন শিৱিৰত কোৱাৰেন্টাইন হৈ আছে অনন্ত ৰাণা যুৱক জন ৷

উল্লেখ্য যে, জন্মু-কাশ্মীৰৰ কন্দা নামৰ ঠাইত এজন ব্যক্তিৰ গৃহত ভাত বনোৱা শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল অনন্ত ৰাণা নামৰ এই যুৱক জন ৷ কিন্তু কৰ'ণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাবে নিজৰ আপোন ঘৰখন আৰু পৰিয়ালৰ কথা মনত পৰাত ব্যাকুল হৈ পৰে অনন্ত ৰাণা নামৰ যুৱক জন ৷ যাৰ বাবে কাৰো কথা নুশুনি ঘৰলৈ অহাৰ সিদ্ধান্ত লয় যুৱকজনে ৷ কিন্তু যাতায়তৰ সকলো ব্যৱস্থা বন্ধ হৈ পৰাৰ বাবে বিপদত পৰে যুৱকজন ৷

অৱশেষত খোজকাঢ়ি আহিয়েই অসম-বংগ সীমান্তত থকা শ্ৰীৰামপুৰত উপস্থিত হয় যুৱকজন ৷ ইয়াৰ পাছতে আৰক্ষীয়ে উদ্ধাৰ কৰি তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা মাণ্ডলিক কোৱাৰেণ্টাইন শিৱিৰত স্বাস্থ্য পৰীক্ষা কৰি বৰ্তমান ৰঙাপৰা মহাবিদ্যালয় কোৱাৰেন্টাইন শিৱিৰত কোৱাৰেন্টাইনত ৰাখিছে যুৱকজনক ৷ যুৱক জনে উল্লেখ কৰা মতে, বাটত দুৰ্বৃত্তই তেঁওৰ পৰা এটা মূল্যবান ম'বাইল ফোন আৰু ১৭ হাজাৰ টকা কাঢ়ি লৈ যায় ৷

লগতে পঢ়কঃ গণহত্যাঃ পিতৃ ভগ্নীৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.