তেজপুৰ, 12 জুন : তেজপুৰত নিশা আছুৰ কেন্দ্ৰীয় নেতৃত্ব ৷ এইবেলি চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব বিষ্ণু ৰাভা দিৱস ৷ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত হ’ব লগা বিষ্ণু ৰাভা দিৱসৰ প্ৰস্তুতি বুজ ল'বলৈ নিশা তেজপুৰত আহি উপস্থিত হয় আছুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি চাৰিজনীয়া কেন্দ্ৰীয় সমিতিৰ দল ৷
তেজপুৰত উপস্থিত হৈ মূল্যবৃদ্ধি সন্দৰ্ভত সৰৱ হৈ পৰে আছু ৷ আছুৰ সভাপতি উৎপল শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এইখন চৰকাৰৰ দিনত কিছুদিনৰ পিছত উশাহ লোৱাৰ বিনিময়তো মানুহে কৰ আদায় দিব লাগিব ৷ দুখীয়া মানুহ জীয়াই থকাৰ পৰিৱেশ এইখন চৰকাৰৰ দিনত নাই ৷ পেট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সকলো সামগ্ৰীতে অত্যাধিক মূল্যবৃদ্ধি হৈছে ৷ তেনেস্থলত চমক সৃষ্টি কৰিবলৈ ঋণৰ বোজা জাপি দিয়াতকৈ দুখীয়া ৰাইজক দুবেলা দুসাজ খাই জীয়াই থকাৰ পৰিৱেশ সূচনা কৰক বুলি মন্তব্য কৰে আছুৰ সভাপতিগৰাকীয়ে ৷
আনহাতে, মাধ্যম বিতৰ্ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰ বৰুৱাক সোচ্চাৰ হৈ পৰা দেখা গ'ল৷ অসম চৰকাৰখনে নিজৰ খেয়াল খুচি মতে অসমত মাতৃভাষা মাধ্যম ধ্বংস কৰিবলৈ চেষ্টা কৰাতো সদৌ অসম ছাত্ৰ সন্থাই কোনো কাৰণতে মানি নলয় বুলি মন্তব্য কৰে সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে ৷
অসমত মাধ্যমৰ এটা পটভূমি আছে ৷ অসমত ভাষা স্বীকৃতিৰ এটা পটভূমি আছে ৷ অসমত অসমীয়া ভাষা স্বীকৃতিৰ কাৰণে অসমীয়া মানুহ শ্বহীদ হৈছিল ৷ ঠিক একেদৰে বড়ো মাধ্যমৰ ক্ষেত্ৰতো একেই ৷ গতিকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আঁকোৰগোজ স্থিতিৰে ৰাতিটোৰ ভিতৰতে মাধ্যম সলনি কৰাৰ যি পৰিকল্পনা, সেয়া কোনো কাৰণতে মানি লোৱা নহ'ব বুলি কয় ছাত্ৰ নেতা দুজনে ৷ গতিকে মাধ্যম সন্দৰ্ভত চৰকাৰে স্থিতি সলনি নকৰা পৰ্যন্ত আছুৱে গণতান্ত্ৰিক আন্দোলন চলাই যাব বুলি হুংকাৰ প্ৰদান কৰে তেওঁলোকে ৷
লগতে পঢ়ক: AASU and Ex AASU controversy; প্ৰাক্তন আছু আৰু বৰ্তমানৰ আছুৰ মাজত কোনো সংঘাত নাই : উৎপল শৰ্মা