ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আছুৰ বাইক ৰেলী - শোণিতপুৰ জিলা ছাত্ৰ সন্থা

চিৰাজুলি, ঢেকীয়াজুলিৰ পৰা তেজপুৰ, বালিপৰা হৈ জামুগুৰিহাটলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক বিশাল বাইক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আছুৰ বাইক ৰেলী

author img

By

Published : Mar 13, 2021, 10:01 PM IST

চতিয়া,13 মাৰ্চ: শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলা ছাত্ৰ সন্থায়েও কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে ৷ চিৰাজুলি, ঢেকীয়াজুলিৰ পৰা তেজপুৰ, বালিপৰা হৈ জামুগুৰিহাটলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক বিশাল বাইক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷

উক্ত বাইক ৰেলীত ছাত্ৰ সন্থাৰ লগতে অন্যান্য জাতীয়-জনগোষ্ঠীয় সংগঠনৰ শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও এই বাইক ৰেলীৰ জৰিয়তে এই আইনৰ বিৰোধিতা কৰি ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

আজিৰ এই বাইক ৰেলীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিতুল বৰা, কেন্দ্ৰীয় সাহিত্য সম্পাদিকা পৰিস্মিতা বৰা, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সভাপতি অভিজিৎ নাথ, সম্পাদক মনোজ দাস, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১০ টা আঞ্চলিকৰ বিষয়-ববীয়া, অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ ৰাজনীশ শইকীয়া, তেজপুৰ মহকুমা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়-ববীয়াকে ধৰি অন্যান্য জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়-ববীয়াসকলেও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃ যশবীৰ সিঙক দৰঙৰ নিৰ্বাচনী আৰক্ষী পৰ্যবেক্ষকৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.