তেজপুৰ,6 আগষ্ট : তেজপুৰৰ বেবেজীয়া আৰক্ষী চকীৰ অধীনস্থ বান্দৰমাৰী বৰঘোপ অঞ্চলত বৃহস্পতিবাৰে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে দেহত অগ্নিসংযোগ কৰি ৰহস্যজনভাৱে আত্মহত্যা (Suicide) কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ অভিযোগ অনুসৰি, ছাত্ৰীগৰাকীক নলবাৰীৰ দুই সন্তানৰ পিতৃ ৰেকিবুদ্দিন আহমেদ নামৰ লোকজনে দিয়া মানসিক চাপৰ বাবেই কিশোৰীগৰাকীয়ে আত্মহননৰ পথ বাছি লৈছে ৷ ছাত্ৰীগৰাকীৰ সৈতে পৰিচয় হোৱাৰ পাচত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল ৰেকিবুদ্দিনে ৷
শেহতীয়াকৈ ছাত্ৰীগৰাকীক বিবাহৰ বাবেও হেঁচা দিবলৈ আৰম্ভ কৰিছিল ৰেকিবুদ্দিনে ৷ কিন্তু ৰেকিবুদ্দিনৰ কথা অসন্মতি প্ৰদান কৰাত ছাত্ৰীগৰাকীৰ ফটো বিনা অনুমতিত ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে লোকজনে ৷ ইয়াৰ পাচতে বৃহস্পতিবাৰে পুৱাৰ ভাগৰ পৰা সন্ধানহীন হয় ছাত্ৰীগৰাকী ৷ অৱশেষত নিজ বাসগৃহৰ পিছফালে এডৰা জংঘলৰ মাজত ছাত্ৰীগৰাকীক অগ্নিদগ্ধ হৈ মৃত্যু হোৱা অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক : Facebook-ত পুলিচৰ সৈতে চিনাকি হৈ ক’ত গ’ল দুই সন্তানৰ মাতৃ জানমণি ?
লগে লগে ঘটনা সন্দৰ্ভত বেবেজীয়া আৰক্ষীক অৱগত কৰে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷ ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশসহ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ কিশোৰীগৰাকীৰ ম’বাইল ফোন জব্দ কৰি ঢেকিয়াজুলীত কৰ্মসূত্ৰে থকা ৰেকিবুদ্দিনক বিচাৰি নলবাৰীত উপস্থিত হয় আৰক্ষী ৷
ইফালে এই ঘটনাক লাভ জেহাদ (Love Jihad)ৰ আখ্যা দি অভিযুক্তই ছাত্ৰীগৰাকীক প্ৰথমে ভুৱা পৰিচয় দিয়া বুলিও অভিযোগ উত্থাপন কৰে একাংশ স্থানীয় লোকে ৷ অৱশেষত ৰেকিবুদ্দিনৰ প্ৰকৃত পৰিচয় জানিব পাৰি কিশোৰীয়ে অভিযুক্ত ৰেকিবুদ্দিনৰ বিবাহৰ বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰীগৰাকীৰ পৰিয়ালে এই ঘটনাৰ উমান পাইছিল যদিও আৰক্ষীক অৱগত কৰা নাছিল ৷ যাৰ ফলস্বৰূপে এনে আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ৷
লগতে পঢ়ক : ঔষধ আনিবলৈ গৈ নিৰুদ্দেশ দুই সন্তানৰ মাতৃ