ETV Bharat / state

Russia Ukraine Crisis : মাতৃভূমি অভিমুখে ৰাওনা তেজপুৰৰ প্ৰতীক্ষা

author img

By

Published : Mar 2, 2022, 12:28 PM IST

অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিছে ৷ ৰাছিয়া-ইউক্ৰেইনৰ ভয়াৱহ যুদ্ধৰ মাজতে ঘৰলৈ ঘূৰি আহিছে তেজপুৰ প্ৰতীক্ষা গগৈ (A student from Ukraine arrives at his home in Tezpur) । তেজপুৰ প্ৰতীক্ষা গগৈৰ বাসগৃহত বৰ্তমান বৈছে আনন্দৰ বন্যা ৷

মাতৃভূমি অভিমুখে ৰাওনা তেজপুৰৰ প্ৰতীক্ষাৰ

তেজপুৰ, ২ মাৰ্চ : যুদ্ধত বিধ্বস্ত হৈছে ইউক্ৰেইন (Russia Ukraine conflict) ৷ ইউক্ৰেইনত বৰ্তমানেও আৱদ্ধ হৈ আছে বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী ৷ আনকি ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ প্ৰায় ১৬০ জনৰো অধিক শিক্ষাৰ্থী ৷

ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয় তৰফৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাগৰাকীও শিক্ষাৰ্থীক । ইয়াৰ ভিতৰত অসমৰ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী ইতিমধ্যে ইউক্ৰেইনৰ পৰা ভাৰতত উপস্থিত হৈছেহি ।

প্ৰাপ্ত তথ্য অনুসৰি, ভাৰত তথা অসমৰ বহু শিক্ষাৰ্থীৰ দৰে যুদ্ধত বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছিল তেজপুৰৰ ছাত্ৰী প্ৰতীক্ষা গগৈ (A student from Ukraine arrives at his home in Tezpur) ৷ ভাৰত চৰকাৰৰ তত্বাৱধানত ১ মাৰ্চৰ দিনা মুম্বাই অসম হাউচত উপস্থিত হয় তেজপুৰৰ প্ৰতীক্ষা ৷ আজি অৰ্থাৎ 2 মাৰ্চৰ দুপৰীয়া মাতৃভূমিত উপস্থিত হ’ব তেজপুৰৰ ছাত্ৰী প্ৰতীক্ষা গগৈ ৷

লগতে পঢ়ক : ইউক্ৰেইনত নিহত নবীনৰ বন্ধুৱে দিলে শিহণৰণকাৰী বৰ্ণনা

তেজপুৰৰ প্ৰতীক্ষা গগৈ বৰ্তমান ইউক্ৰেইনৰ উঝোৰোদ নেশ্যনেল ইউনিভাৰ্চিটিৰ ৫ম ষান্মাসিকৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী । বিগত ২৪ ফেব্ৰুৱাৰীত ইটিভি ভাৰতে প্ৰথমবাৰৰ বাবে এইগৰাকী ছাত্ৰীৰ বিষয়ে সবিশেষ তথ্য প্ৰকাশ কৰিছিল । পূৰ্বে প্ৰতীক্ষাই বৰ্ণনা কৰি গৈছিল ইউক্ৰেইনৰ ভয়াৱহ দৃশ্যসমূহৰ কথা ৷

উল্লেখ্য যে, ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰৰ বাবে ভাৰতীয় বায়ুসেনাই দায়িত্ব গ্ৰহণ কৰিছে (Indian Air Force To Join Ukraine Evacuation) ৷ সেই অনুসৰি বুধবাৰে পুৱা অপাৰেচন গংগাৰ অধীনত ভাৰতীয় বায়ুসেনাৰ প্ৰথমখন বিমান ৰোমানিয়ালৈ ৰাওনা হয় (C 17 aircraft leaves for Romania) । পুৱা প্ৰায় ৪ বজাত হিন্দন এয়াৰবেছৰ পৰা উৰা মাৰে ভাৰতীয় বায়ুসেনাৰ (IAF) চি-17 পৰিবহন বিমানখন (C 17 aircraft leaves for Romania) ।

লগতে পঢ়ক : Russia Ukraine War: ইউক্ৰেইনৰ পৰা উভতিল বাইহাটাৰ জিতেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.