ETV Bharat / state

উত্তৰ জামুগুৰিত ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে ককায়েকক - নৃশংস হত্যাকাণ্ড

শোণিতপুৰৰ উত্তৰ জামুগুৰিত নৃশংস হত্যাকাণ্ড। কনিষ্ঠ ভাতৃৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃৰ। সুৰাৰ ৰাগীত মাতাল হৈ চন্দ্ৰ মুণ্ডাই বাঁহেৰে মূৰত কোবাই কোবাই হত্যা কৰিলে ককায়েক চমৰা মুণ্ডাক।

উত্তৰ জামুগুৰিত ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে ককায়েকক

author img

By

Published : Oct 29, 2020, 6:24 PM IST

চতিয়া, ২৯ অক্টোবৰ: শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিত নিজ ভাতৃৰ হাতত প্ৰাণ গ'ল ককায়েকৰ। উত্তৰ জামুগুৰিৰ মঙলবৰীয়া ব্যৱসায় কেন্দ্ৰৰ সমীপত বৃহস্পতিবাৰে দুপৰীয়া ১২ মান বজাত এই ঘটনা সংঘটিত হয়। চন্দ্ৰ মুণ্ডা নামৰ লোকজনে সুৰাপান কৰি হিতাহিত জ্ঞান হেৰুৱাই বাঁহেৰে মূৰত কোবাই কোবাই হত্যা কৰিলে ককায়েক চমৰা মুণ্ডাক। আনকি বৌয়েক পেলং মুণ্ডাকো আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত কৰে।

জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল কুমাৰ নাথৰ লগতে আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। আনহাতে, গুৰুতৰভাৱে আহত মহিলাগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। চন্দ্ৰ মুণ্ডাক কৰায়ত্ত কৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰঘু বৰা আৰু সদস্য শৰৎ বৰাই আৰক্ষীক গটাই দিয়ে। স্থানীয় ৰাইজৰ মতে মাদক দ্ৰব্য সেৱন কৰি চন্দ্ৰ মুণ্ডাই হত্যাকাণ্ড সংঘটিত কৰিছে।

লগতে পঢ়ক:হাথৰছ কাণ্ডৰ উচিত তদন্তৰ দাবীৰে মহিলা সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.