ETV Bharat / state

85th Death Anniversary: বুঢ়ী আইৰ সাধু ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু বাৰ্ষিকী

author img

By

Published : Mar 26, 2023, 10:55 PM IST

এসময়ত এজন মনীষীয়ে কৈছিল অসমৰ মানুহে হাঁহিব নাজানে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় (85th Death Anniversary)৷

85th smriti Divas celebrated in Tezpur
বুঢ়ী আইৰ সাধু ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু বাৰ্ষিকী

তেজপুৰ, ২৬ মাৰ্চ: অসমক হাঁহিবলৈ শিকোৱা মহান মনীষীজনক সুঁৱৰিলে অসমে ৷ অসমীয়া আধুনিক সাহিত্যৰ পথপ্ৰদৰ্শক তেওঁ ৷ তেওঁ ৰসৰাজ, তেওঁ সাহিত্যৰথী ৷ ১৯৩৮, ২৬ মাৰ্চত ডিব্ৰুগড়ত মৃত্যুবৰণ কৰিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই (Rasaraj Lakshminath Bezbaruah) ৷ দেওবাৰে তেজপুৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন কৰে তেজপুৰ সাহিত্য সভাই (85th Death Anniversary)। ১৯২৪ চনত অসম সাহিত্য সভাৰ (Assam Sahitya Sabha) সভাপতিৰ আসন অলংকৃত কৰিছিল সাহিত্যৰথী বেজবৰুৱাই ৷

মহাপুৰুষ শংকৰদেৱে আৰু মাধৱদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাতা কৰিবলৈ চেষ্টা কৰা প্ৰথমজন ব্যক্তি আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা (85th smriti Divas observed in Tezpur) ৷ আজিৰ দিনটোত এই জনা অসমীয়া জাতিৰ মহান মনীষীৰ প্ৰতিমূৰ্তিত এগছি বন্তি জ্বলাই, মাল্যাৰ্পণ কৰি তেজপুৰবাসীয়ে তেওঁক সুঁৱৰে ৷ তেওঁৰ ৰচনাৰাজি প্ৰতিজন অসমীয়াৰ হৃদয়ত শিপাই আছে ৷ অসমীয়া মানুহে হাঁহিব নাজানে বুলি ক্ষোভ প্ৰকাশ কৰিছিল তেওঁ ৷ বেজবৰুৱাই হাঁহিৰ মেটমৰা সম্ভাৰ সৃষ্টিৰে হঁহুৱাবলৈ চেষ্টা কৰিছিল অসমীয়া মানুহক ৷

তেজপুৰৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বেজবৰুৱাক স্মৰণ কৰে অসমবাসীয়ে ৷ অসমৰ জাতীয় সংগীতৰ ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৷ এই উপলক্ষে তেজপুৰ সাহিত্য সভাৰ সভাপতিৰ প্ৰমুখ্যে বিষয়ববীয়া-সদস্যসকলে ৰসৰাজৰ প্ৰতিমূৰ্তিত ফূল চটিয়াই, বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে ৷ বুঢ়ী আইৰ সাধুক বুকুত কঢ়িয়াই লৈ ফুৰা এজাক কণমানিয়েও প্ৰতিমূৰ্তিৰ কাষত থিয় হৈ, সেৱা জনাই বিচাৰিলে আশীৰ্বাদ ৷

উল্লেখ্য যে প্ৰতিবছৰে 'সাহিত্য দিৱস' হিচাপে অসম সাহিত্য সভাই এই বিশেষ দিনটো পালন কৰি আহিছে ৷ এইবেলি গোৱালপাৰাত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে 'সাহিত্য দিৱস' (Sahitya Divas) ৷

স্মৰ্তব্য যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সন্দৰ্ভত বিশেষ দুই এটা দিনত সন্মান যঁচাৰ বিপৰীতে বাকী সময়ত অপমানজনক স্থিতি গ্ৰহণ কৰি অহাও পৰিলক্ষিত হয় ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত ওড়িশাৰ চম্বলপুৰস্থিত বাসগৃহটোত এতিয়া কেৱল মদ-জুৱাৰ আড্ডা ৷ ওৰেটো দিন মৰিশালী সদৃশ নিৰ্জনতা বিৰাজ কৰি থকা বাসগৃহটোত আন্ধাৰ হ’লেই আৰম্ভ হয় অনৈতিক কাৰ্যকলাপ ৷

আজিলৈ বাসগৃহটো চোৱা-চিতা কৰাৰ বাবেও এজন তত্ত্বাৱধায়ক নিয়োগ কৰা নহ’ল ৷ এই সন্দৰ্ভত কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰিলে অসম চৰকাৰে ৷ এটা সংস্থাৰ দ্বাৰা বাসগৃহটোৰ মেৰামতি কৰাৰ পাচতে দ্বায়িত্ব সামৰিলে ৰাজ্য চৰকাৰে ৷ এনেদৰে ২৬ মাৰ্চ আহিলেই অসম চৰকাৰে ক্ষন্তেকীয়া আৱেগ প্ৰদৰ্শন কৰে বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰি আহিছে ৷

লগতে পঢ়ক: Congress Sankalp Satyagraha : আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছো: ভূপেন কুমাৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.