তেজপুৰ,২৩ জুলাই : অৰুণাচল প্ৰদেশৰ কুৰুং কুমেই জিলাৰ ভাৰত-চীন সীমান্তৰ দামীনত BROৰ অধীনত কাম কৰিবলৈ গৈ নিৰুদেশ হোৱা শ্রমিকসকলৰ ৭ জনক উদ্ধাৰ কৰা হৈছে । এতিয়াও সন্ধান নাই ১২ জনৰ । উদ্ধাৰ অভিযানৰ বাবে তেজপুৰ বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায় লোৱা হ'ব বুলি কুৰুং কুমেই জিলা প্ৰশাসনে সদৰি কৰে ।
এক টেলিফোনিক সাক্ষাৎকাৰত উপায়ুক্ত বেঙীয়া নিগহীয়ে কয় যে মুঠ ৭ জন শ্ৰমিকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে (7 missing Assam workers rescued in Arunachal)। তেওঁলোকক হ'ৰিৰ BROৰ কেম্পত ৰখা হৈছে আৰু তাৰ পৰা চিকিৎসাৰ বাবে দামীনলৈ লৈ অনা হৈছে ।
আনহাতে আৰু এজন শ্ৰমিকৰ সন্ধান উলিয়াব পৰা যাব বুলি উদ্ধাৰকাৰী দলে উপায়ুক্তক অৱগত কৰিছে ।
শ্ৰমিককেইজন বঙাইগাঁৱৰ আব্দুল আমিন, মাজিদুল আলি, ধুবুৰীৰ মনোৱাৰ হুছেইন, বাক্সাৰ জয়নাল আলী, বৰপেটাৰ খাইৰুল ইছলাম ।
উদ্ধাৰ হোৱা হামিদুল হুছেইন আৰু ইনামূল হুছেইনৰ ঘৰ জানিব পৰা হোৱা নাই । শ্ৰমিক কেইজন দুটা ভাগত বিভক্ত হৈ আবদ্ধ হৈ আছিল যাৰ বাবে স্থানীয় ৰাইজেও তেওঁলোকৰ সন্ধান উলিয়াব পৰা নাই ।
বৃহস্পতিবাৰে ইটানগৰৰ পৰা ২৫ জনীয়া এছডিআৰএফৰ (SDRF) দল এটা পুনৰ জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত দামিনলৈ যাত্ৰা আৰম্ভ কৰে । প্ৰতিকূল বতৰৰ বাবে ঠায়ে ঠায়ে হোৱা ভূমিস্খলনৰ বাবে পাহাৰীয়া অঞ্চলত উদ্ধাৰ অভিযানত কিছু অসুবিধাৰ সৃষ্টি হৈছে বুলিও প্ৰশাসনে জানিবলৈ দিয়ে ।
BROৰ অধীনত সীমান্তত কৰ্মৰত অসমৰ ১৯ গৰাকী শ্ৰমিক যোৱা ৫ জুলাইত ঈদ উপলক্ষে ঘৰলৈ উভতি অহাৰ পথত নিৰুদ্দেশ হোৱাৰ কথা প্ৰকাশ কৰিছে (19 Assam workers missing in Arunachal)।
BROৰ অধীনত কাম কৰাৰ বাবে বেঙীয়া তাচু নামৰ এজন ঠিকাদাৰে তেওঁলোকক কামৰ বাবে লৈ গৈছিল বুলি জানিব পৰা গৈছে । অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা কুৰুং কুমেই জিলা সদৰলৈ প্ৰায় ৪০০ কিলোমিটাৰ আৰু দামীনলৈ ১৫০ কিলোমিটাৰ । আনহাতে দামীনৰ পৰা ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ প্ৰায় ৮০ কিলোমিটাৰ ।
লগতে পঢ়ক :National Centre for Disease Control: গুৱাহাটীত স্থাপন হ’ব ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ