তেজপুৰ, 4 জুলাইঃ শেহতীয়াকৈ অৰুণাচলৰ ৰাজধানী ইটানগৰত কৰ'ণাত আক্ৰান্ত হৈছে ভালে সংখ্যক লোক । যাৰ বাবে শনিবাৰে এক টুইটযোগে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৰাজধানী চহৰখনত 7 দিনৰ বাবে লক ডাউন জাৰি কৰাৰ কথা ঘোষণা কৰিছে । অহা 6 জুলাইৰ পৰা 12 জুলাইলৈ ৰাজ্যখনৰ চৰকাৰে ৰাজধানী ইটানগৰত জাৰি কৰিছে পূৰ্ণ পৰ্যায়ৰ লক ডাউন । 6 জুলাইৰ পুৱা 5 বজাৰ পৰা আৰম্ভ হ'ব লক ডাউনৰ সময় ।
উল্লেখ্য যে, ৰাজধানী চহৰ খনত শেহতীয়াকৈ আক্ৰান্ত হোৱা লোকসকলৰ মাজত আছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ কেইবাগৰাকীও লোক । ৰাজধানী চহৰখনত কৰ'ণা আক্ৰান্তৰ এনে ক্ৰমবৰ্ধমান স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ ৰাজ্যপালৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ, মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে লক ডাউন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে । ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা মুঠ ২৩২ গৰাকীলৈ বৃদ্ধি পাইছে । বৰ্তমানে ১৬০ সক্ৰিয় আক্ৰান্ত লোক আছে অৰুণাচলত । অত্যাৱশ্যকীয় সামগ্ৰী আদি ক্ৰয় কৰাৰ ক্ষেত্ৰত প্ৰস্তুত কৰা নিয়মাৱলীসমূহ অতি শীঘ্ৰেই জনসাধাৰণক জনাব বুলি উল্লেখ কৰে ৰাজ্যখনৰ মুখ্য সচিব নৰেশ কুমাৰে ।
লগতে পঢ়কঃ বৰপেটাৰ তিনিটা চৰকাৰী কাৰ্যালয়ত কৰ'ণা, নিষিদ্ধ এলেকা ঘোষণা