ETV Bharat / state

Workers rescued from Arunachal : অৰুণাচলত অসমৰ শ্ৰমিকৰ সন্তানক হত্যাৰ অভিযোগ; পাঁচ শ্ৰমিকক উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 8:09 PM IST

অৰুণাচলৰ নামচাইত অসমৰ শ্ৰমিকক আৱদ্ধ কৰি ইটাভাটাৰ গৰাকীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ লগতে এটি শিশুক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ আৰক্ষীয়ে তিনিগৰাকী মহিলাসহ পাঁচ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰি তেজপুৰ আদালতত হাজিৰ কৰে ৷

Five Workers Including Women Rescued
শিশুক হত্যা কৰাৰ গুৰুতৰ অভিযোগ
মহিলা সহ পাঁচ গৰাকী শ্ৰমিকক উদ্ধাৰ

তেজপুৰ, ৫ অক্টোবৰ : অৰুণাচল প্ৰদেশৰ নামচাইৰ এটা ইটাভাটাত কাম কৰিবলৈ যোৱা অসমৰ শ্ৰমিকক আৱদ্ধ কৰি ভাটাৰ গৰাকীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ লগতে এটি শিশুক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ পিছতে আৰক্ষীয়ে তিনিগৰাকী মহিলাসহ পাঁচগৰাকী শ্ৰমিকক উদ্ধাৰ কৰি বৃহস্পতিবাৰে তেজপুৰ আদালতত হাজিৰ কৰে ৷

উল্লেখযোগ্য যে, মঙলবাৰে নিশা তেজপুৰত উপস্থিত হোৱা ভুক্তভোগী তথা তেজপুৰৰ নিকটৱৰ্তী খনামুখৰ এক শ্ৰমিক দম্পতীৰ এটি ছয় বছৰীয়া শিশুক পানীলৈ দলিয়াই দি অৰুণাচল প্ৰদেশৰ এটা ইটাভাটাৰ গৰাকীয়ে হত্যা কৰা বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ৷ অভিযোগ অনুসৰি, অৰুণাচল প্ৰদেশৰ নামচাইৰ নেমখেঙৰ এটা ইটাভাটাত শ্ৰমিক হিচাবে নিয়োজিত হৈ থকা তেজপুৰৰ খনামুখৰ প্ৰায় ১৫-২০ জনীয়া এটা দলক ভাটাটোৰ গৰাকীয়ে আৱদ্ধ কৰি ৰাখিছিল ৷ জানিব পৰা মতে শ্ৰমিক সকলক এই ভাটাটোত যোগান ধৰিছিল তেজপুৰ ভালুকঝাৰণীৰ ফুৰকান আলি নামৰ লোকজনে ৷

শ্ৰমিক যোগান ধৰি যোগানিয়াৰজনে বহু হেজাৰ টকা লৈ উধাও হয় ৷ তাৰ পিছতেই ইটাভাটাৰ মালিক চাওউইলিয়া ফৌমংলঙৰ লগতে মহৰী হাদি নামৰ লোকজনে দিনে-নিশাই পুৰুষ আৰু মহিলা শ্ৰমিক সকলৰ ওপৰত নিৰ্যাতন চলোৱাই নহয়, বিগত তিনিমাহে চোকা অস্ত্ৰ, লাঠি লৈ হত্যাৰো ভাবুকি দি আহিছে বুলি অভিযোগ কৰে ভুক্তভোগী সকলে ৷ উল্লেখযোগ্য যে, দাৰিদ্ৰতাৰ বাবে নিজৰ সন্তান লৈ দিন হাজিৰা কৰা খনামুখৰ আমিৰ আলি আৰু কোড ভানু নামৰ শ্ৰমিক দম্পতীৰ সন্তানটিয়ে মঙলবাৰে দিনৰ ভাগত খেলি থকাৰ সময়তে একাংশ শ্ৰমিকে কামত হেমাহি কৰাৰ অভিযোগ তুলি ইটাভাটাৰ মালিকে খঙত অগ্নিশৰ্মা হৈ শিশুটিক ভাটাৰ কাষতে থকা পানীৰ নলাত দলিয়াই দিয়াত ছয় বছৰীয়া শিশুটিৰ মৃত্যু হয় ৷

মৃত শিশুটিৰ মাতৃৰ অভিযোগ অনুসৰি তেওঁক গৰাকীয়ে প্ৰহাৰ কৰি শিশুটিক পানীলৈ দলিয়াই দিয়ে ৷ ইফালে মৃত শিশুটিৰ সৈতে মঙলবাৰে বিয়লি পিতৃ-মাতৃক এ আৰ ২০-৬৩৭৯ নম্বৰৰ গাড়ীখনেৰে তেজপুৰলৈ ভাটাৰ গৰাকীয়ে পঠাই দিয়ে যদিও নিশা ভুক্তভোগী শ্ৰমিক আমিৰে তেজপুৰ বৰঘাট আৰক্ষী চকীলৈ গাড়ীখন আনিবলৈ বাধ্য কৰে ৷ ইফালে আন শ্ৰমিক সকলক বৰ্তমানেও অৰুণাচলৰ নামচাই অঞ্চলতে আৱদ্ধ কৰি ৰাখিছে বুলিও অভিযোগ কৰে ৷

উল্লেখযোগ্য যে মৃত শিশুটিৰ মৰণোত্তৰ পৰীক্ষা বৃহস্পতিবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্পন্ন হয় ৷ ইফালে এই অভিযোগ ইটাভাটাৰ গৰাকীয়ে অস্বীকাৰ কৰাৰ বিপৰীতে অভিযোগকাৰী পৰিয়ালটো মাছ মাৰিবলৈ যোৱাৰ সময়তহে শিশুটোৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে সম্প্ৰতি পাঁচগৰাকী শ্ৰমিকক উদ্ধাৰ কৰি আনিছে আৰু বৃহস্পতিবাৰে তেজপুৰ আদালতত তেওঁলোকক হাজিৰ কৰোৱা হয় ৷

লগতে পঢ়ক : Congress protest against BJP Govt : বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.