ETV Bharat / state

সেনাবাহিনীত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন আত্মসাৎ কৰি আটক পাঁচ প্ৰৱঞ্চক

তেজপুৰত গ্ৰেপ্তাৰ পাঁচটাকৈ প্ৰৱঞ্চক ৷ প্ৰৱঞ্চক কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুখন বাইক আৰু এখন বলেৰ' বাহন ৷ সেনাবাহীনৰ জোৱানৰ পদত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে নিবনুৱাৰ পৰা সংগ্ৰহ কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে ব্যক্তি কেইগৰাকীক ৷

তেজপুৰ
তেজপুৰত আটক ভুৱা পাঁচ প্ৰৱঞ্চক
author img

By

Published : Mar 12, 2020, 10:48 PM IST

তেজপুৰ,১২ মাৰ্চঃ তেজপুৰ আৰক্ষীৰ জালত পাঁচ প্ৰৱঞ্চক গ্ৰেপ্তাৰ কৰাৰ উপৰিও প্ৰৱঞ্চক কেইগৰাকীৰ পৰা উদ্ধাৰ কৰে দুখন বাইক আৰু এখন বলেৰ' গাড়ী। সেনাবাহিনৰ জোৱানৰ পদত নিযুক্তি দিয়াৰ প্ৰলোভন দি লাখ লাখ টকা নিবনুৱাৰ পৰা সংগ্ৰহ কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে ব্যক্তি কেইগৰাকীক ৷ আটকাধীন ব্যক্তি কেইগৰাকী ক্ৰমে তেজপুৰৰ ৰঙাপুখুৰী পাৰৰ অমৃত শৰ্মা, তেওঁৰ ভাতৃ অসীম শৰ্মা ওৰফে মামু, কিৰণ তালুকদাৰ, উত্তম দে আৰু মুন্না দত্ত ৷

তেজপুৰত আটক ভুৱা পাঁচ প্ৰৱঞ্চক

বিগত ৪ মাৰ্চ বুধবাৰে পৰিকল্পনা অনুসৰি এজন সেনা বাহিনীৰ জোৱানৰ চাকৰিৰ প্ৰাৰ্থীৰ পৰা এখন বগা ৰঙৰ বলেৰ'ত টকা নিবলৈ আহি আৰক্ষীৰ বেষ্টনীৰ মাজত সোমাই পৰে ৷ গাড়ীখন ৰাখিবলৈ চেষ্টা কৰে যদিও চিগনেল নামানি পলাই যাবলৈ সক্ষম হয় প্ৰৱঞ্চককেইটা ৷

তেজপুৰত আটক ভুৱা পাঁচ প্ৰৱঞ্চক

আৰক্ষীয়ে অৱশেষত চকাত গুলি কৰে যদিও আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় প্ৰৱঞ্চক অমৃত শৰ্মা সহ দলটো ৷ কিন্তু বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰে অমৃত শৰ্মাৰ ভাতৃ অসীম শৰ্মা ৷ অসীম শৰ্মাৰ তথ্যৰ ভিত্তিতে উপ আৰক্ষী অধীক্ষক ড৹ ৰশ্মি ৰেখা শৰ্মাৰ নেতৃত্বত ৰঙা পুখুৰীৰ পাৰত অমৃত শৰ্মাৰ ঘৰৰত অভিযান চলাই কেইবাখনো বেংকৰ পাঁচবুক, এ টি এম, সেনা-বাহিনীত নিযুক্তি দিয়া নথি পত্ৰ আৰু আপত্তি জনক নথি উদ্ধাৰ কৰাৰ লগতে আটক কৰে বাকীকেইজন প্ৰৱঞ্চকক । আনহাতে তেজপুৰ আৰক্ষীয়ে 415/20 নম্বৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ u/s 420/406 এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ৷

আৰু পঢ়কঃ বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিজেপি বিপিএফৰ বাকযুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.