তেজপুৰ,১৬ জানুৱাৰী : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভ উদ্বোধন কৰাৰ পিচতে তেজপুৰটো প্ৰদান কৰা হ'ল কোভিড ভেকচিন ৷ শোণিতপুৰ জিলাৰ তিনিটা প্ৰধান স্থানত মুঠ ৩০০ লোকক এই ভেকচিন প্ৰদান কৰা হয় ।
জিলা প্ৰশাসনৰ তৎপৰতাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়, টাইম চিকিৎসালয় আৰু ঢেকীয়াজুলি চিকিৎসালয়ত এই ভেকচিন প্ৰদান কৰা হয় ৷ ভাৰত চৰকাৰে চিৰাম কোম্পানীৰ কোভিশ্বিল্ড আৰু ভাৰত বায়'টেকৰ কোভাক্সিন জিলাখনলৈ প্ৰেৰণ কৰাৰ পিচতে শনিবাৰে কোভাক্সিন প্ৰদান কৰা হয় এই তিনিটা স্থানত।
প্ৰতিটো কেন্দ্ৰত চিকিৎসক, স্বাস্থ্য কৰ্মী, চাফাই কৰ্মী আদিকে ধৰি মুঠ 100 জন লোকক এই ভেকচিন প্ৰদান কৰা হয় । উল্লেখ্য যে, সপ্তাহত মাত্ৰ চাৰিদিন এই ভেকচিন দিয়া হ' বুলি জানিবলৈ দিছে শোণিতপুৰ জিলা প্ৰশাসনে ।
লগতে পঢ়ক: 12 গৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰতিষেধক প্ৰদান জি এম চি এইছত