ETV Bharat / state

Birth Anniversary of Jyoti Prasad : ১২০ বছৰীয়া জন্মদিনত পকীত স্মৰণ জ্যোতিপ্ৰসাদক

author img

By

Published : Jun 17, 2023, 2:17 PM IST

Updated : Jun 17, 2023, 6:43 PM IST

১৮৭৪ চনতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাক হৰিবিলাস আগৰৱালাই নিৰ্মাণ কৰিছিল উত্তৰ অসমৰ প্ৰথমটো পকীঘৰ ৷ অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰা ঘৰটোৰ নাম সেয়েহে 'পকী' হিচাপেই নামকৰণ কৰা হৈছিল ৷ ৰূপকোঁৱৰৰ ওপজা দিনত তেওঁৰ কৰ্ম-সাধনাৰ স্থলী ‘পকী’ৰ পৰা এক বিশেষ প্ৰতিবেদন ।

Birth Anniversary of Jyoti Prasad
Birth Anniversary of Jyoti Prasad
১২০ বছৰীয়া জন্মদিনত পকীত স্মৰণ জ্যোতিপ্ৰসাদক

তেজপুৰ, ১৭ জুন : শনিবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২০ সংখ্যক জন্ম দিৱস । জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম আৰু সাধনাৰ স্থলী হৈছে তেওঁৰ বাসগৃহ তেজপুৰৰ ঐতিহাসিক পকী । শেহতীয়াভাৱে অসম চৰকাৰে পকীৰ সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে ব্যৱস্থা হাতত লৈছে । তাৰ বাবে ৰূপকোঁৱৰৰ কৰ্ম-সাধনাৰ স্থলী এই ‘পকী’ৰ পুনৰ নিমাৰ্ণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷

'পকী'ত আছে জ্যোতি প্ৰসাদৰ ককাদেউতাক হৰিবিলাস আগৰৱালাৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদ, বিষ্ণপ্ৰসাদ ৰাভা, ফণী শৰ্মা আৰু সাংস্কৃতিক জগতৰ অনেক পুৰোধা ব্যক্তিৰ স্মৃতি বিজড়িত সম্পদ ৷ ১৮৭৪ চনত হৰিবিলাস আগৰৱালাই নিৰ্মাণ কৰা এই পকী এতিয়া সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীলৈ ৰূপান্তৰিত হৈছে ৷ জ্যোতি ভাৰতীত থকা সাংস্কৃতিক সম্পদৰ সংৰক্ষণ আৰু বিশেষ শৈলীৰে নিৰ্মিত ঐতিহ্য বহনকাৰী 'পকী'ৰ সংৰক্ষণ আৰু পুণ নিৰ্মাণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

নিতৌ সংগীতৰ শুদ্ধ স্বৰলিপিৰে ন-শিকাৰুক গীত শিকোৱা হয় 'পকী'ত । কিন্তু ৰূপকোঁৱৰৰ এই গৃহৰ নাম 'পকী' কিয় হ'ল সেয়া দানিবলৈ নিশ্চয় মন যাব । ১৮৭৪ চনতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাক হৰিবিলাস আগৰৱালাই নিৰ্মাণ কৰিছিল উত্তৰ অসমৰ প্ৰথমটো পকীঘৰ ৷ অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰা ঘৰটোৰ নাম সেয়েহে 'পকী' হিচাপেই নামকৰণ কৰা হৈছিল ৷ তেজপুৰত অৱস্থিত উক্ত ঘৰটো বৰ্তমান জ্যোতি ভাৰতী সংগ্ৰহালয় হিচাপেও জনা যায় ৷

'পকী'ৰ স্থাপত্য ৰাজস্থানী আৰু আহোম আৰ্হিৰ ৷ ইয়াৰ বেৰবোৰ ইটাৰে নিৰ্মিত ৷ যাৰ আয়তন ৫০×৩০ ফুট ৷ মজিয়াখন নিৰ্মাণ কৰা হৈছিল শিলেৰে ৷ আগৰৱালা পৰিয়ালে ১৯৭৭ চনত সংগ্ৰহালয় হিচাপে সংৰক্ষণৰ বাবে পকী অসম চৰকাৰলৈ হস্তান্তৰ কৰে ৷ ১৯৭৮ চনত পকীৰ চৌহদত জ্যোতি ভাৰতী নামৰ এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰা হৈছিল ৷ ইয়াৰ কিছুদিন পাচত ৰাজ্যৰ লোক নিৰ্মাণ বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ দ্বাৰা ঘৰটো পুনৰ নিৰ্মাণ কৰা হয় আৰু আনুষ্ঠানিকভাৱে ইয়াক দৰ্শনাৰ্থীসকলৰ বাবে মুকলি কৰা হয় । জ্যোতি ভাৰতী নামেৰে জনাজাত পকী বৰ্তমান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এক স্মাৰক সংগ্ৰহালয় ।

লগতে পঢ়ক :Birth Anniversary of Jyoti Prasad Agarwala : ১২০ বছৰীয়া জন্মজয়ন্তীত জ্যোতিপ্ৰসাদৰ সশ্ৰদ্ধ সোঁৱৰণ

Last Updated : Jun 17, 2023, 6:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.