ETV Bharat / state

Constituency delimitation: খচৰা ঘোষণাৰ লগে লগে প্ৰতিবাদমুখৰ আমগুৰি - আমগুৰিত উত্তপ্ত পৰিস্থিতি

নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰথমখন খচৰা ঘোষণা কৰাৰ লগে লগে আমগুৰিত উত্তপ্ত পৰিস্থিতি । আমগুৰি বিধানসভা সমষ্টিৰ বিলুপ্তিত প্ৰতিবাদ সাব্যস্ত ৷

Constituency delimitation
আমগুৰিত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jun 21, 2023, 7:13 PM IST

Updated : Jun 21, 2023, 10:58 PM IST

আমগুৰিত উত্তপ্ত পৰিস্থিতি

আমগুৰি, ২১ জুন : মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ৷ তাৰ পিচতেই ৰাজ্যত দেখিবলৈ পোৱা গৈছে বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ঘোষণা হোৱাৰ লগে লগে আমগুৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰকাশ কৰা প্ৰস্তাৱিত খচৰাত আমগুৰি সমষ্টি বিলুপ্ত কৰা হৈছে, যি কথা কোনো কাৰণতে মানি নলয় আমগুৰিবাসীয়ে ৷ তাৰেই প্ৰতিবাদৰ ফলস্বৰূপে ওলাই আহিছে বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ জনতা ৷

আমগুৰি নগৰৰ চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বহুকেইটা দল- সংগঠনে ৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ টাই ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহুকেইটা জাতীয় সংগঠনে সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আমগুৰিত ৷ জনসংখ্যাৰ ভিত্তিত অসম লোকসভা তথা বিধানসভাৰ সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা প্ৰথমখন খচৰা মঙলবাৰ ২০ জুন তাৰিখে ঘোষণা হোৱাৰ পিচত বুধবাৰে আমগুৰিৰ বিভিন্ন দল-সংগঠনে ঐক্যবদ্ধভাৱে আমগুৰি চহৰত প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে প্ৰকাশ হোৱা প্ৰথমখন খচৰা অনুসৰি ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তি কৰা হৈছে । আমগুৰি বিধানসভা সমষ্টিৰ কিছু অংশ নাজিৰা আৰু কিছু অংশ শিৱসাগৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে । এই সিদ্ধান্তক কোনো কাৰণতে মানি ল’ব পৰা নাই আমগুৰিবাসীয়ে ৷ ক্ষোভত ফাটি পৰিছে তেওঁলোক ৷ ৰাজপথলৈ ওলাই আহি চৰকাৰে তেওঁলোকৰ দাবী মানি নল’লে আগলৈ ভয়ংকৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী জনতাৰ লগতে দল-সংগঠনৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক : Constituency delimitation: নিৰ্বাচন আয়োগৰ খচৰাত ৰাজ্যৰ ১৪টা লোকসভাৰ সমষ্টিৰ ৰূপৰেখা

Last Updated : Jun 21, 2023, 10:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.