ETV Bharat / state

আলফাৰ দ্বাৰা অপহৃত কৰ্মচাৰীৰ মুক্তিৰ আজি শেষ দিন

author img

By

Published : Feb 16, 2021, 1:09 PM IST

Updated : Feb 16, 2021, 2:15 PM IST

কুইপ’ নামৰ তৈল কোম্পানীত কৰ্মৰত দুই অপহৃত কৰ্মচাৰীক মুক্তিৰ বাবদ আলফা স্বাধীনে বান্ধি দিয়া সময়ৰ আজি অন্তিমটো দিন ৷ ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা কুইপ’ কোম্পানীত কৰ্মৰত দুই কৰ্মচাৰীক এনএছচিএনৰ সহায়ত আলফা স্বাধীনে অপহৰণ কৰিছিল ।

ulfa-kidnapping-case
আলফাৰ দ্বাৰা অপহৃত দুই কৰ্মচাৰীৰ মুক্তিৰ আজি শেষ দিন

শিৱসাগৰ, 16 ফেব্ৰুৱাৰী: কুইপ’ নামৰ এটা ব্যক্তিগত তৈল কোম্পানীত কৰ্মৰত দুই অপহৃত কৰ্মচাৰীক মুক্তিৰ বাবদ দাবী কৰা ধন পৰিশোধৰ বাবে আলফা স্বাধীনে মঙলবাৰৰ দিনটো অন্তিম দিনৰূপে ধাৰ্য কৰিছিল । ইয়াৰ পাছতো কুইপ’ কোম্পানী অথবা অইল ইণ্ডিয়া লিমিটেডে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিহাৰৰ ৰাম কুমাৰ আৰু শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ ঘৰত এক তীব্ৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে ।

যোৱা ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুন নামৰ ঠাইৰ পৰা কুইপ’ কোম্পানীত কৰ্মৰত দুই কৰ্মচাৰীক এনএছচিএনৰ সহায়ত আলফা স্বাধীনে অপহৰণ কৰি নিছিল । পৰৱৰ্তী সময়ত অপহৰণৰ দায়িত্ব স্বীকাৰ কৰি আলফা স্বাধীনে দুই কৰ্মচাৰীৰ মুক্তিৰ ব্যৱস্থা কৰিবলৈ কুইপ’ আৰু অইল ইণ্ডিয়া লিমিটেডক বিবৃতি প্ৰদান কৰিছিল । আলফা স্বাধীনে আনকি বিহাৰৰ ৰাম কুমাৰৰ সুৰক্ষা নিশ্চিত নহয় বুলি কৈ দুই কৰ্মচাৰীৰ মুক্তিৰ শেষ সীমা ১৬ ফেব্ৰুৱাৰী ধাৰ্য কৰিছিল ৷ বিবৃতি প্ৰদানৰ পাছত হ’বলগীয়া সকলো পৰিস্থিতিৰ বাবে কোম্পানী দায়ৱদ্ধ বুলি স্পষ্ট কৰি দিছিল আলফা স্বাধীনে । মঙলবাৰে উকলিব আলফা স্বাধীনে বান্ধি দিয়া এই সময়সীমা । এতিয়া শিৱসাগৰ নগৰৰ হাবিৰাম বৰা পথৰ প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ । মাতৃ-পত্নীয়ে কান্দি কান্দি মুক্তিৰ আহ্বান জনাইছে প্ৰণৱ কুমাৰ গগৈৰ ।

আলফাৰ দ্বাৰা অপহৃত কৰ্মচাৰীৰ মুক্তিৰ আজি শেষ দিন
উল্লেখ্য যে, যি সময়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এই অপহৰণৰ সৈতে অসম আৰক্ষীৰ কৰণীয় একো নাই বুলি দায় সৰাৰ চেষ্টা চলাইছিল, সেই সময়ত দুই অপহৃতৰ পৰিয়ালে তিনিচুকীয়াৰ পৰেশ বৰুৱাৰ ঘৰত উপস্থিত হৈ পাণ-তামোল আগ কৰি দুইজন লোকৰ মুক্তিৰ বাবে প্ৰাৰ্থনা জনাইছিল ।

লগতে পঢ়ক: 22 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী

Last Updated : Feb 16, 2021, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.